
বৈদ্যুতিক খুঁটাত খুন্দা পালছাৰ বাইকৰ, থিতাতে নিহত এজন, আন এজন সংকটজনক। পাঠশালাত ডি জে নাইট উপভোগ কৰি ঘৰলৈ উভতি যোৱাৰ পথতে অঘটন। বজালীৰ কেন্দুগুৰিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। পাঠশালাত ডি জে নাইট উপভোগ কৰি ঘৰলৈ উভতি অহাৰ পথতে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ বৈদ্যুতিক খুঁটাত খুন্দা মাৰে এখন পালছাৰ বাইকে। এই ভয়ংকৰ দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হয় বাইকখনৰ চালকজন। নিহত যুৱকজন বজালীৰ ঘটবৰ গাঁৱৰ ২৮ বছৰীয়া নৱজিৎ তালুকদাৰ বুলি জানিব পৰা গৈছে।
আনহাতে, দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় বাইকখনত থকা আনজন আৰোহী। সংকটজনক অৱস্থাত আহত আৰোহীজনক পাঠশালাৰ মদন ৰাউতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় পাঠশালা আৰক্ষীৰ এটা দল। ইতিমধ্যে আৰক্ষীয়ে দুৰ্ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। দুৰ্গাপূজাৰ আনন্দ-উল্লাসৰ মাজতে সংঘটিত এই শোকাৱহ দুৰ্ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।













