
পুৱতি নিশা ২৭নং লংকা-লামডিঙ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ঙ্কৰ পথ দুৰ্ঘটনা। ঠিতাতে নিহত দেৱাশীষ নাথ নামৰ আৰক্ষীৰ কনিষ্টবল এজন। গুৰুত্বৰভাৱে আহত হৈছে লেঞ্চ নায়ক মৃদুল বৰদলৈ, গৃহৰক্ষী জোৱান প্ৰণৱ থাউচেন, আৰু উপ পৰিদৰ্শক নিলোৎপল শইকিয়া। নিলোৎপল শইকীয়া শংকৰদেৱ নগৰ পহৰা চকীৰ দায়িত্বত আছিল। ইয়াৰে প্ৰণৱ থাউচেনৰ অৱস্থা সংকটজনক।

পুৱতি নিশা, ৩-৪৫ মান বজাত সংঘটিত হৈছে দুৰ্ঘটনাটো। লংকাৰ শংকৰদেৱ নগৰ পহৰা চকীৰ পৰা যোৱা আৰক্ষীৰ টাটা চাফাৰী বাহনখন দুৰ্ঘটনাগ্ৰস্থ হৈছে। দুৰ্ঘটনাগ্ৰস্থ বাহনৰ নম্বৰ হৈছে AS01 FA 8829। লংকা আৰক্ষী থানাত ৰুজু হোৱা এক গোচৰৰ অভিযুক্তক বিচাৰি লামডিঙৰ পৰা উভটি হোৱাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়।













