
ইতিমধ্যে বলীউডৰ অভিনেতা টাইগাৰ শ্ৰফক (Tiger Shroff) আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে গেংষ্টাৰ লৰেন্স বিষ্ণৈৰ ঘনিষ্ঠ সহযোগীয়ে। আৰক্ষীয়ে জানিব পাৰিছে যে এই আক্ৰমণৰ বাবে সুদূৰ অমৃতসৰৰ পৰা মুম্বাইলৈ অনা হৈছিল পিষ্টল আৰু গুলী। ইয়াৰ পূৰ্বে ৰাজস্থানৰ কোটাৰ পৰা তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। মঙলবাৰে এই ঘটনাত আৰক্ষীয়ে আৰু চাৰিজন লোকক গ্ৰেপ্তাৰ কৰে। ইয়াৰে দুগৰাকী মহিলা।
আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, গ্ৰেপ্তাৰ হোৱা দুজন হৈছে ২১ বছৰীয়া কুনাল, ১৯ বছৰীয়া সুমিত, ২৩ বছৰীয়া ৰাধা আৰু ২৩ বছৰীয়া ববিতা। দিল্লী আৰু শোনিপট অঞ্চলৰ পৰা তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয়। তেওঁলোকে আক্রমণকাৰীক অস্ত্র যোগান ধৰাৰ কামত জড়িত থকাৰ সন্দেহ৷ মহাৰাষ্ট্ৰ আৰক্ষীয়ে ট্ৰেনজিট ৰিমাণ্ডত থকা চাৰিজন লোকক জেৰা অব্যাহত ৰাখিছে। পূৰ্বে গ্ৰেপ্তাৰ হোৱা তিনিজন লোক মুম্বাই আৰক্ষীৰ জিম্মাত আছে।
আৰক্ষীয়ে দাবী কৰিছে যে টাইগাৰ শ্ৰফ আক্ৰমণকাৰীৰ মূল লক্ষ্য নাছিল। তেওঁলোকৰ টাৰ্গেট আছিল বলীউডৰ অভিনেতা ছলমান খান। বান্দ্ৰাৰ ঘৰৰ সন্মুখৰ পৰা আহিছিল বিষ্ণৈ চক্ৰৰ সদস্যসকল। তাত কটকটীয়া নিৰাপত্তা দেখা পাই পৰিকল্পনা বাতিল কৰা হয়। ইয়াৰ পিছত তেওঁলোকে ছলমানৰ ঘনিষ্ঠ বন্ধু অভিনেতা টাইগাৰ শ্ৰফক আক্ৰমণ কৰিবলৈ চেষ্টা কৰে। ১৮ অক্টোবৰৰ সন্ধিয়া দুৰ্বৃত্তই টাইগাৰৰ গাড়ীত গুলীচালনা কৰে। যদিও অভিনেতাজন আঘাতপ্ৰাপ্ত হোৱা নাই, তথাপিও তেওঁৰ গাড়ীৰ চালক আৰু এজন অনুৰাগী গুলীবিদ্ধ হয়। চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে তেওঁলোক। বিষ্ণৈ ঘনিষ্ঠ গেংষ্টাৰ অনিল পণ্ডিত আৰু হৰমন সান্ধুই ছচিয়েল মিডিয়াত এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে।

মঙলবাৰে গ্ৰেপ্তাৰ হোৱা চাৰিজন লোক কেনেদৰে এই আক্ৰমণত জড়িত সেই সন্দৰ্ভত ডিচিপি প্ৰবীণ কুমাৰ ত্ৰিপাঠীয়ে কয় যে অভিযুক্ত কুনাল জে’লত আছিল। শেহতীয়াকৈ জামিনত মুকলি কৰি দিয়া হৈছে। এজন বন্ধুৱে তেওঁক বিষ্ণৈ গেঙৰ অনিলৰ লগত চিনাকি কৰাই দিয়ে। অনিলৰ নিৰ্দেশত কুনালে প্ৰথমে অমৃতসৰৰ পৰা এটা পিষ্টল আৰু ২০ ৰাউণ্ড গুলী সংগ্ৰহ কৰে। দুমাহমান আগতে ৰাধাৰ লগত কথা-বতৰা পাতিছিল। কুনালে ৰাধাক পিষ্টলটো লৈ মুম্বাইলৈ যাবলৈ পতিয়ন নিয়ালে।
১৫ অক্টোবৰত ৰাধা আৰু তেওঁৰ বন্ধু ববিতাৰ সৈতে নতুন দিল্লী ষ্টেচনত উপস্থিত হয়। পিষ্টলটো ৰাধাৰ বেগত আছিল। ১৭ অক্টোবৰত তেওঁলোক দাদৰ ষ্টেচনত নামিছিল। কুনালে তেওঁলোকৰ সৈতে এটা নিৰ্দিষ্ট এনক্ৰিপ্ট কৰা এপৰ জৰিয়তে যোগাযোগ কৰিছিল।
দাদৰত নমাৰ পিছত ৰাধা আৰু ববিতাই এখন হোটেলত উঠে। পুৱা প্ৰায় ১১ বজাত এজন কিশোৰে তেওঁলোকৰ পৰা পিষ্টলৰ বেগটো লৈ যায়। পিছদিনা ১৮ তাৰিখে সন্ধিয়া টাইগাৰৰ ওপৰত আক্ৰমণ কৰা হয়। সমগ্ৰ ঘটনাৰ পিছত টাইগাৰ আৰু ছলমান খানৰ নিৰাপত্তা কেইবাবাৰো বৃদ্ধি কৰা হৈছে। আৰক্ষীয়ে ছলমানৰ আন ঘনিষ্ঠ বন্ধুসকলৰ নিৰাপত্তাও বৃদ্ধি কৰিছে। তেওঁৰ বান্দ্ৰাৰ ঘৰৰ সন্মুখত পথত বেৰিকেড লগোৱা হৈছে।













