
অভিনেতা নানা পাটেকাৰ আৰু নাই। ৭৫ বছৰ বয়সত বৰ্ষীয়ান অভিনেতা তথা বলিউডৰ ‘এংগৰী মেন’ৰ দেহাৱসান। জানিব পৰা মতে, বৃহস্পতিবাৰে পুৱা গোৱাত নিজগৃহত হৃদৰোগত আক্রান্ত হৈ তেওঁ মূৰ্ছা গৈছিল (Nana Patekar dies)। কিন্তু চিকিৎসকসকলৰ যৎপৰোনাস্তি প্ৰচেষ্টাতো তেওঁক বচাব পৰা নগ’ল।
বৃহস্পতিবাৰে পুৱা নিজৰ ঘৰত তেওঁ বুকুত বিষ অনুভৱ কৰে। তাৰ পিছতেই তেওঁ সংজ্ঞা হেৰুৱায়। পুৱা ৫ বজাত তেওঁক ততাতৈয়াকৈ গোৱাৰ মণিপাল হাস্পতাললৈ লৈ যোৱা হয়। সংবাদ সংস্থা এএনআয়ে জনোৱা মতে, তেওঁক ৪৫ মিনিট চিপিআৰ দি বচোৱাৰ শেষ চেষ্টা কৰা হৈছিল। কিন্তু চিকিৎসকৰ সকলো চেষ্টা ব্যর্থ হয়। অৱশ্যে মৃত্যুৰ প্রকৃত কাৰণ সম্পর্কে নিশ্চিত হ’বলৈ তেওঁৰ পোষ্টমৰ্টেম কৰা হ’ব।
অভিনেতাগৰাকীৰ পুত্র মালহাৰ পাটেকাৰে জনোৱা মতে, বুকুত বিষ অনুভৱ কৰাৰ পিছতেই নানা পাটেকাৰে চিকিৎসকৰ সৈতে যোগাযোগ কৰিছিল। তাৰ পিছতেই চিকিৎসকৰ এটি দল অভিনেতাগৰাকীৰ গোৱাৰ ঘৰত উপস্থিত হৈছিল। কিন্তু তেওঁ মূৰ্ছা গৈছিল। একেৰাহে চিপিআৰ দিয়াৰ পিছতো তেওঁৰ জ্ঞান ঘূৰি নহাত ততাতৈয়াকৈ হাস্পতাললৈ নিয়া হয়। কিন্তু পুৱা ৫.২০ বজাত নানা পাটেকাৰক মৃত ঘোষণা কৰে।
১৯৫১ চনৰ ১ জানুৱাৰীত মহাৰাষ্ট্রত জন্ম হৈছিল নানা পাটেকাৰৰ। তেওঁৰ প্ৰকৃত নাম বিশ্বনাথ পাটেকাৰ। কিন্তু অভিনয় জীৱনত তেওঁ নানা নামেৰেহে জনপ্রিয়তা অৰ্জন কৰে।
১৯৭৮ চনত নীলকান্তি পাটেকাৰৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়। অভিনয় জগতলৈ অহাৰ পূৰ্বে নীলকান্তিয়ে এটি বেংকত কাম কৰিছিল । লগতে নাট্য জগতৰ সৈতেও জড়িত আছিল। নাটকত কাম কৰাৰ সময়তেই তেওঁৰ নানাৰ সৈতে পৰিচয় হৈছিল। পৰৱৰ্তী সময়ত দুয়ো বিয়াত বহে। নানা পাটেকাৰৰ অভিনয় জীৱনৰ আৰম্ভণি দিনবোৰত তেওঁৰ সৈতে আছিল পত্নী নীলকান্তি। কিন্তু সময় আগবঢ়াৰ লগে লগে দুয়োৰে সম্পর্কত ব্যৱধানৰ সৃষ্টি হয়। বহু বছৰ ধৰি তেওঁলোক পৃথকে থাকিলেও তেওঁলোকৰ বিবাহ বিচ্ছেদ হোৱা নাছিল।

বিয়াৰ পিছত তেওঁলোকৰ প্রথম পুত্র সন্তান দুর্বাসাৰ জন্ম হয়। কিন্তু জন্মৰ পৰাই তেওঁ বিভিন্ন শাৰীৰিক সমস্যাত ভুগিছিল। ২০২৪ চনৰ এক সাক্ষাৎকাৰত নানা পাটেকাৰে নিজেই জনাইছিল যে দুর্বাসাৰ এটি চকুৰ সমস্যা আছিল আৰু অন্যান্য শাৰীৰিক সমস্যাতো ভুগিছিল। মাত্র আঢ়ৈ বছৰ বয়সতে তেওঁৰ মৃত্যু হয়। পুত্ৰক হেৰুওৱাৰ অভিজ্ঞতাই নানা পাটেকাৰৰ জীৱন গভীৰ চাপ পেলাইছিল। পিছত তেওঁলোকৰ দ্বিতীয় পুত্র মালহাৰ পাটেকাৰৰ জন্ম হয়। পিতৃৰ মৃত্যুৰ খবৰ তেৱেঁই সংবাদ মাধ্যমৰ আগত নিশ্চিত কৰে।
অভিনয়ৰ গতিশীলতা, সংলাপ উচ্চাৰণৰ নিজস্ব ভংগী আৰু জটিল, অগতানুগতিক চৰিত্রক পর্দাত বিশ্বাসযোগ্যভাৱে উপস্থাপন কৰাৰ দক্ষতাই তেওঁক এক সুকীয়া অভিনেতাৰ মর্যাদা প্ৰদান কৰিছিল। তিনিবাৰৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্র পুৰস্কাৰেৰে সন্মানিত অভিনেতাগৰাকী উল্লেখযোগ্য ছবিৰ তালিকায় আছে ‘নাটসম্রাট’, ‘ৱজুদ’, ‘পৰিন্দা’, ‘অব তক ছাপ্পান’ আৰু ‘যশৱন্ত’।
মূলত হিন্দী আৰু মৰাঠী ছবিত তেওঁ কাম কৰিছিল। অৱশ্যে তামিল ছবিতো তেওঁ অভিনয় কৰি গৈছে। ১৯৭৮ চনত ‘গমন’ ছবিৰ জৰিয়তে নানা পাটেকাৰৰ অভিনয় জীৱন আৰম্ভ হৈছিল। চলচ্চিত্র আৰু নাটকত অভিনয়ত সম্পূৰ্ণভাৱে জড়িত হোৱাৰ পূৰ্বে মুম্বাইৰ জে জে স্কুল অব আর্টত তেওঁ শিক্ষা জীৱন পাৰ কৰিছিল।
নানা পাটেকাৰৰ মৃত্যুত ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীকে ধৰি বিভিন্ন নেতা আৰু বলিউড জগতে শোক প্ৰকাশ কৰিছে। এইগৰাকী বলিষ্ঠ অভিনেতাৰ মৃত্যুত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো শোক প্ৰকাশ কৰিছে।













