
দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত এজন। দেৰগাঁও ৩ নং গেটৰ শিৱ মন্দিৰৰ সন্মুখত নৱমী পূজাৰ আনন্দ উল্লাসৰ মাজতে নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। নিশা NH-715-ৰ চাৰ্ভিচ ৰোডত AS-05-ER-1627 নম্বৰৰ ই-ৰিক্সা নেঘেৰিটিঙৰ পৰা দেৰগাঁৱলৈ আহি থকা অৱস্থাত পিছফালৰ পৰা AS-03-AQ-5638 নম্বৰৰ Dominar বাইক এখনে প্ৰচণ্ড জোৰে খুন্দা মাৰে। এই দুৰ্ঘটনাত বাইক আৰোহী নেঘেৰিটিং বিলতীয়া গাঁৱৰ প্ৰীতম দাস (২৩) থিতাতে নিহত হয়। ঘটনাস্থলীত দেৰগাঁও আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।













