
চুনাৰীৰ কুশ্বাকাটিত মটৰ চাইকেল-ই ৰিক্সাৰ মুখামুখি সংঘৰ্ষ, গুৰুতৰভাৱে আহত ৫জন। বিজয়া দশমীৰ আনন্দ-উল্লাসৰ মাজতে গোৱালপাৰা জিলাৰ চুনাৰী থানাৰ অন্তৰ্গত কুশ্বাকাটিত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী মটৰ চাইকেল আৰু ই-ৰিক্সাৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত পাঁচজন লোক গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনাৰ পিছতে স্থানীয় ৰাইজৰ তৎপৰতাত আহত লোককেইজনক ততাতৈয়াকৈ লক্ষীপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিন্তু আহতসকলৰ অৱস্থা গুৰুতৰ হোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে পাঁচোজনকে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

আহতসকলৰ ভিতৰত হাকবুল ইছলাম, ৰেজাবুল ইছলাম আৰু ৰেজাউল হকৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। আনহাতে, বিজয়া দশমীৰ দিনটোতে লক্ষীপুৰ অসামৰিক চিকিৎসালয়ত তেজেৰে ৰাঙলী হৈ পৰা আহতসকলক লৈ চিকিৎসালয় চৌহদত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। বিজয়া দশমীৰ আনন্দৰ মাজতে সংঘটিত এই দুৰ্ঘটনাই অঞ্চলটোত গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে।













