
ব্ৰিটিছ সংসদৰ নিম্ন সদন হাউছ অব কমনছত জম্মু-কাশ্মীৰৰ ওপৰত ভাৰতৰ অধিকাৰ, সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাক সমৰ্থন কৰা প্ৰস্তাৱ উত্থাপন কৰা হৈছে। ২৬ অক্টোবৰত উদযাপন কৰা জম্মু-কাশ্মীৰ দিৱসত যোগদান উপলক্ষে ব্ৰিটেইনৰ মূল বিৰোধী দল কনজাৰ্ভেটিভ পাৰ্টীৰ প্ৰভাৱশালী সাংসদ বব ব্লেকমেনে এই প্ৰস্তাৱ (আৰলি ডে মোচন) উত্থাপন কৰে। হাউছ অব কমনছত উত্থাপন কৰা প্ৰস্তাৱটোত জম্মু-কাশ্মীৰ সন্দৰ্ভত আলোচনাত গঠনমূলক কূটনৈতিক আলোচনা, সাম্প্ৰদায়িক সম্প্ৰীতি আৰু সাৰ্বভৌম ৰাষ্ট্ৰৰ ভূখণ্ডীয় সীমাৰ প্ৰতি সন্মানৰ আহ্বান জনোৱা হৈছে। এই প্ৰস্তাৱত স্বাক্ষৰকাৰীসকলৰ ভিতৰত আছে শাসকীয় লেবাৰ পাৰ্টীৰ সাংসদ গিল ফাৰ্নেছ, ডেম’ক্ৰেটিক ইউনিয়নিষ্ট পাৰ্টীৰ সাংসদ জিম শ্বেনন আৰু লিবাৰেল ডেম’ক্ৰেট দলৰ সাংসদ লুক টেইলৰ।

প্ৰস্তাৱটোত উল্লেখ আছে যে ১৯৪৭ চনৰ ২৬ অক্টোবৰত মহাৰাজা হৰি সিঙে ভাৰতৰ সৈতে জম্মু-কাশ্মীৰৰ যোগদানৰ নথিত স্বাক্ষৰ কৰিছিল। সেয়ে সমগ্ৰ জম্মু-কাশ্মীৰ ভাৰতৰ অংগ। জম্মু-কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত নিহত আৰু আহতসকলৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰাৰ উপৰি এই প্ৰস্তাৱত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ প্ৰতিও উদ্বেগ প্ৰকাশ কৰা হৈছে। কাশ্মীৰী পণ্ডিতৰ ওপৰত আক্ৰমণৰ কথাও উল্লেখ আছে।













