
বৰমা থানাৰ অন্তৰ্গত বাটাচাৰাত সংঘটিত এক পথ দুৰ্ঘটনাত এগৰাকী ছাত্ৰী নিহত হয়। ছাত্ৰীগৰাকী চাৰানপাৰাৰ হীৰামনি ৰাভা। AS01G-S2282 নম্বৰৰ এখন বাইকেৰে বৰবৰীৰ বাথৌ পুজা চাই ঘৰলৈ গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই লাইটৰ পোষ্টত খুন্দা মৰাৰ ফলত জিন্তু দাস আৰু হীৰামনি চিটিকি যায়।
পিছত ঘটনাস্থলীতে হীৰামনিৰ মৃত্যু হয়। নিহত হীৰামনি পাটাছাৰকুছি নিৰ্মল হালৈ মহাবিদ্যালয়ৰ স্নাতক প্ৰথম ষাণ্মাসিকৰ ছাত্ৰী আছিল।












