
লামডিঙত ক্ৰমাৎ বৃদ্ধি পোৱা চুৰিকাৰ্যৰ ঘটনাই উদ্বেগৰ সৃষ্টি কৰিছে। তাৰ মাজতে এইবাৰ পুত্ৰৰ বিৰুদ্ধে চুৰিৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী মাতৃয়ে। লামডিঙৰ শংকৰ পল্লীত নিজ পুত্ৰ ৰাজেশ বৰুৱাৰ বিৰুদ্ধে ঘৰৰ পৰা সোণ-ৰূপৰ অলংকাৰ, গেছ চিলিণ্ডাৰ আৰু ধনচুৰি কৰাৰ অভিযোগ উত্থাপন কৰিছে মাতৃ দীপালী বৰুৱাই।
মাতৃৰ অভিযোগ অনুসৰি, অতি কষ্টেৰে ডাঙৰ-দীঘল কৰা নিজৰ পুত্ৰই চুৰিকাৰ্য সংঘটিত কৰাৰ দৰে দুৰ্ভাগ্যজনক অভিযোগ তেওঁ উত্থাপন কৰিবলগীয়া হৈছে। আনহাতে, কিছুদিন পূৰ্বে আন কাৰোবাৰ পৰা বেটাৰী চুৰি কৰি আনি নিজৰ ঘৰত লুকুৱাই ৰখাৰো তেওঁ অভিযোগ উত্থাপন কৰে। অৱশেষত নিৰুপায় হৈ তেওঁ নিজ পুত্ৰৰ বিৰুদ্ধে লামডিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এই ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। আনহাতে, অভিযোগ সন্দৰ্ভত আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।













