
কলকাতাত তিনিজন লোকক উলংগ হৈ খোজকাঢ়িবলৈ বাধ্য কৰোৱা হয়। অভিযোগ অনুসৰি, কেওঁলোকক বন্দুক দেখুৱাই কাপোৰ খুলিবলৈ বাধ্য কৰা হয়। মৃত্যুৰ ভাবুকিও দিয়া হৈছিল। এগৰাকী কিশোৰীক চুমা খোৱাৰ অভিযোগত এজন যুৱক, তেওঁৰ পিতৃ আৰু আন এজন বন্ধুক এনেদৰে ‘শাস্তি’ প্ৰদান কৰে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে। ৰাজহুৱা পথত উলংগ হৈ প্ৰায় ৫০ মিটাৰ খোজকাঢ়িবলৈ বাধ্য হয় তিনিওজনে। এই ঘটনাত আৰক্ষীয়ে এই পৰ্যন্ত মুঠ তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। বাকীবোৰৰ সন্ধান চলি আছে।
সৰসুনা থানা এলেকাত সংঘটিত হয় এই ঘটনা। আৰক্ষীৰ সূত্ৰ অনুসৰি, দেওবাৰে সন্ধিয়া খালপাৰ খেলপথাৰৰ সন্মুখত ১৩ বছৰীয়া এগৰাকী কিশোৰীক লগ কৰিবলৈ গৈছিল এজন ১৮ বছৰীয়া যুৱক। তেওঁৰ লগত আছিল এজন ১৯ বছৰীয়া বন্ধু। কথা পাতি থাকোঁতে যুৱকজনে তেওঁক চুমা খায়। কিশোৰীগৰাকীৰ মোমায়েকৰ বন্ধুৱে এই ঘটনা প্ৰত্যক্ষ কৰে। তেওঁ কিশোৰীগৰাকীৰ পিতৃ আৰু মোমায়েকক এই বিষয়ে অৱগত কৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে।

অভিযোগ অনুসৰি, কিশোৰীগৰাকীৰ পিতৃ প্ৰদীপ সৰকাৰ আৰু মোমায়েক ৰাহুল বৰ্মনে আহি যুৱক দুজনক খুদিৰমপল্লীত থকা তেওঁলোকৰ ঘৰলৈ মাতি নিয়ে। মোমায়েক আৰু কেইজনমান বন্ধুকো মাতে। অভিযোগ অনুসৰি, ঘৰৰ ভিতৰতে দুয়োকে দীৰ্ঘসময় ধৰি হাৰাশাস্তি কৰা হৈছিল। ঘটনাস্থলীত যুৱকজনৰ পিতৃকো মাতি অনা হয়। অভিযোগ অনুসৰি, ইয়াৰ পিছতে ছোৱালীজনীৰ পৰিয়ালৰ লোকে বন্দুক মূৰত ধৰি তিনিওজনক উলংগ হ’বলৈ বাধ্য কৰায়। ইয়াৰ পিছত ঘৰৰ সন্মুখৰ ৰাস্তাত উলংগ হৈ খোজকাঢ়িবলৈ বাধ্য কৰা হয়। যুৱকজনৰ পিতৃকো ৰেহাই দিয়া নহ’ল। যুৱকজনৰ পিতৃৰ এজাহাৰৰ ভিত্তিত সোমবাৰে সৰসুনা থানাত গোচৰ ৰুজু কৰা হয়। বিএনএছৰ সংশ্লিষ্ট ধাৰাসমূহৰ অধীনত হত্যাৰ চেষ্টা, বিপজ্জনক অস্ত্ৰৰে আক্ৰমণ, বলপূৰ্বকভাৱে উঠাই লৈ যোৱা, অবৈধভাৱে বন্দী কৰা, মানহানি, ভয় দেখুওৱাৰ গোচৰ ৰুজু কৰা হৈছে। অস্ত্ৰ আইনৰ ধাৰাও সংযোজন কৰা হৈছে। মূল অভিযুক্ত প্ৰদীপ, ৰাহুল আৰু কিশোৰীগৰাকীৰ মাতৃ ৰিংকু সৰকাৰক গ্ৰেপ্তাৰ কৰা হৈছে। এফআইআৰত তিনিওজনৰে নাম উল্লেখ কৰা হৈছে। আৰক্ষীয়ে বাকী অভিযুক্তসকলকো বিচাৰি আছে।
দেওবাৰে সন্ধিয়া সৰসুনাৰ খুদিৰামপল্লীত সঠিকভাৱে কি সংঘটিত হৈছিল সেই বিষয়ে জানিবলৈ আৰক্ষীয়ে অঞ্চলটোৰ পৰা চিচিটিভি ফুটেজ সংগ্ৰহ কৰি আছে। যুৱক দুজনৰ চিকিৎসা পৰীক্ষা কৰা হৈছে। তদন্তকাৰীয়ে তেওঁলোকৰ বক্তব্যও লিপিবদ্ধ কৰিছে। দুয়োজনে কৈছে যে কাপোৰ খুলিবলৈ মূৰত বন্দুক ধৰি ৰখা হৈছিল। কিন্তু ঘটনাস্থলীত এতিয়াও কোনো বন্দুক উদ্ধাৰ হোৱা নাই। এই বিষয়ে জানিবলৈ স্থানীয় সাক্ষীৰ বক্তব্য সংগ্ৰহ কৰা হৈছে।











