
২০১৮ চনত বেংগালুৰুত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত অমিত শ্বাহৰ ওপৰত অপমানজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছিল ৰাহুল গান্ধীৰ বিৰুদ্ধে। আঠ বছৰীয়া উক্ত গোচৰত চুলতানপুৰৰ সাংসদ/বিধায়ক আদালতে ৰাহুল গান্ধীক দোষমুক্ত কৰে। আদালতৰ ৰায়ত কোৱা হৈছে যে অমিত শ্বাহৰ বিৰুদ্ধে ৰাহুল গান্ধীয়ে কৰা মন্তব্য অপমানজনক নহয়। সোমবাৰে ৰায় ঘোষণা কৰাৰ সময়ত আদালতত উপস্থিত আছিল ৰাহুল গান্ধী। আনহাতে, যাত্ৰাপথত তেওঁৰ কনভয়ৰ কিছু বাহন দুৰ্ঘটনাৰো সন্মুখীন হয়। অৱশ্যে কোনো লোক গুৰুতৰভাৱে আহত হোৱা নাই।
২০১৮ চনত অমিত শ্বাহ বিজেপিৰ সভাপতি থকাৰ সময়ত ৰাহুল গান্ধীয়ে তেওঁৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছিল। বেংগালুৰুত কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলাই থকাৰ সময়ত এই মন্তব্য কৰিছিল কংগ্ৰেছ নেতাগৰাকীয়ে। ৰাজহুৱা অভিযোগকাৰী কাশীপ্ৰসাদ শুক্লাই এএনআইক কয়, “ৰাহুল গান্ধীয়ে এই মন্তব্য কৰিছিল যে তেওঁ (অমিত শ্বাহ) হত্যাৰ গোচৰৰ অভিযুক্ত।” ২০১৮ চনৰ ৪ আগষ্টত বিজেপি নেতা বিজয় মিশ্ৰই ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। তেওঁ চুলতানপুৰ জিলা সমবায় বেংকৰ প্ৰাক্তন অধ্যক্ষ আছিল।

বিজয়ে দাখিল কৰা গোচৰটো ৮ বছৰ ধৰি চলি আছিল। ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত আদালতত আত্মসমৰ্পণ কৰিছিল ৰাহুল গান্ধীয়ে। পিছত তেওঁ জামিন লৈছিল। ২০২৪ চনৰ জুলাই মাহত ৰাহুল গান্ধীৰ বক্তব্য লিপিবদ্ধ কৰা হৈছিল। তাৰ পিছত কেইবাজনো লোকৰ সাক্ষ্য লোৱা হৈছিল। ২০২৬ চনৰ মাৰ্চ মাহত ৰাহুল গান্ধীৰ কণ্ঠস্বৰৰ নমুনা সংগ্ৰহৰ বাবে আদালতত আবেদন দাখিল কৰা হৈছিল। মে’ মাহত বিচাৰ আদালতে এই আবেদন খাৰিজ কৰে। সেই ৰায়ক প্ৰত্যাহ্বান জনাই জিলা আদালতত আৰু পিছলৈ এলাহাবাদ উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰা হয়। দুয়োখন আদালততে এই আবেদন খাৰিজ কৰা হয়।
এই গোচৰৰ শুনানি আৰম্ভ হয় ২০২৬ চনৰ ৬ অক্টোবৰৰ পৰা। ১২ অক্টোবৰত শুনানিৰ অন্ত পৰে। অতিৰিক্ত দেৱানী ন্যায়াধীশ শুভম বাৰ্মাই প্ৰথমে কৈছিল যে ১৩ অক্টোবৰত ৰায় ঘোষণা কৰা হ’ব। পিছত ২৬ অক্টোবৰৰ তাৰিখ নিৰ্ধাৰণ কৰা হয়। ৰাহুল গান্ধীক দোষমুক্ত কৰে ন্যায়াধীশ বাৰ্মাই। সোমবাৰে পুৱা লক্ষ্ণৌৰ চৌধুৰী চৰণ সিং বিমানবন্দৰত অৱতৰণ কৰে ৰাহুল গান্ধী। তাত বহু কংগ্ৰেছ নেতা-কৰ্মীয়ে তেওঁক আদৰণি জনায়। ইয়াৰ পিছত উক্ত নেতাসকলেও ৰাহুল গান্ধীৰ কনভয়ৰ পিছে পিছে গৈ ১৩৫ কিলোমিটাৰ দূৰৈৰ চুলতানপুৰলৈ ৰাওনা হয়। চুলতানপুৰৰ আৰক্ষী অধীক্ষকে জনোৱা মতে, ৰাহুল গান্ধীৰ কনভয়ৰ অনুসৰণ কৰে কংগ্ৰেছ নেতাৰ চাৰিখন গাড়ীয়ে। সূত্ৰ অনুসৰি, ৰাহুল গান্ধীৰ কনভয়ত থকা মুঠ ৫ খন গাড়ীৰ পৰস্পৰৰ মাজত সংঘৰ্ষ হয়। অৱশ্যে ৰাহুল গান্ধীৰ গাড়ীৰ কোনো ক্ষতি হোৱা নাই। সোমবাৰে পুৱা লক্ষ্ণৌৰ পৰা ৩৫ কিলোমিটাৰ দূৰত্বত সংঘটিত হয় এই দুৰ্ঘটনা।












