
পশ্চিম এছিয়াত ভাৰতৰ পতাকা থকা এখন জাহাজত আন এক আক্ৰমণ। সোমবাৰে ওমানৰ উপকূলৰ সমীপত ‘আল জুছুফী’ নামৰ জাহাজখনত আক্ৰমণ কৰা হয়। আক্ৰমণ কৰা জাহাজখনত ১৪ জন নাৱিক আছিল। আটাইকেইজন ভাৰতীয় আছিল। মঙলবাৰে ভাৰত চৰকাৰে এই আক্ৰমণত এজন নাৱিকৰ মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে। বাকীসকলক স্থানীয় কৰ্তৃপক্ষই নিৰাপদে উদ্ধাৰ কৰে। প্ৰথম অৱস্থাত কোনে বা কিহৰ দ্বাৰা আক্ৰমণ সংঘটিত কৰিছিল সেয়া স্পষ্ট হোৱা নাই।
অৱশ্যে হৰমুজ প্ৰণালীৰ মাজেৰে যাত্ৰা কৰা মালবাহী জাহাজ ওমান উপকূলৰ মাজেৰে পাৰ হৈ যায়। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গুৰুত্বপূৰ্ণ এই জলপথটো যোৱা কেইমাহমানৰ পৰা অশান্ত হৈ আছে। আমেৰিকা-ইৰাণৰ সংঘাতৰ মাজতে এই জলপথেৰে যাত্ৰা কৰা কেইবাখনো জাহাজক আক্ৰমণ কৰা হৈছে। অৱশ্যে সেইবোৰ আছিল আন দেশৰ জাহাজ। প্ৰথম অৱস্থাত পশ্চিম এছিয়াৰ যুদ্ধ পৰিস্থিতিৰ সময়ত ভাৰতীয় পতাকা থকা জাহাজসমূহে সাধাৰণতে হৰমুজ আৰু কাষৰীয়া জলপথৰ মাজেৰে নিৰাপদে পাৰ হ’ব পাৰিছিল। কিন্তু বিগত কেইমাহমানৰ পৰা ভাৰতকে ধৰি বিভিন্ন দেশৰ মালবাহী জাহাজত বাৰে বাৰে আক্রমণ হৈছে৷ সোমবাৰৰ আক্ৰমণৰ পিছত পৰিস্থিতিক লৈ নতুন চিন্তাৰ উন্মেষ ঘটিবলৈ আৰম্ভ কৰিছে।

কেন্দ্ৰীয় জাহাজ পৰিবহণ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰে যে গন্ধাৰ নাহিম আজিজ নামৰ মৃত নাৱিকজন গুজৰাটৰ বাসিন্দা। গোলাৰ আঘাতত তেওঁৰ মৃত্যু হয়। বাকী ১৩ জন নাৱিকক ক্ষতিগ্ৰস্ত জাহাজখনৰ পৰা নিৰাপদে উদ্ধাৰ কৰে ওমানী ক’ষ্ট গাৰ্ডে। মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় দূতাবাসে নাহিমৰ মৃতদেহ শীঘ্ৰে দেশলৈ ঘূৰাই পঠিয়াবলৈ ওমান কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিছে। বাকী থকা নাৱিকসকলকো প্ৰয়োজনীয় সাহায্য আগবঢ়াইছে দূতাবাসে।
উল্লেখযোগ্য যে মে’ মাহত ওমানৰ উপকূলত গোলাবৰ্ষণত ভাৰতৰ এখন জাহাজ ডুব গৈছিল। নতুন দিল্লীয়ে সেই আক্ৰমণকো গৰিহণা দিয়ে। ইয়াৰ পিছত জুন মাহত ওমান উপকূলৰ ওচৰত ভাৰতৰ এখন জাহাজৰ ওপৰত আক্ৰমণ কৰা হৈছিল।
ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পশ্চিম এছিয়াৰ পৰিস্থিতি আৰু হৰমুজ প্ৰণালীক লৈ ক্ৰমাৎ বৃদ্ধি পোৱা সংঘাতক লৈ বাৰে বাৰে উদ্বেগ প্ৰকাশ কৰি আহিছে। নতুন দিল্লীয়ে স্পষ্ট কৰি দিছে যে অসামৰিক মালবাহী জাহাজত আক্ৰমণ কোনো কাৰণতে বাঞ্ছনীয় নহয়। এই পৰিস্থিতিৰ বাবে ভাৰতে পশ্চিম এছিয়াৰ উত্তেজনাক জগৰীয়া কৰি কেইবাবাৰো বুজাই দিছে যে নতুন দিল্লীয়ে কূটনৈতিক উপায়েৰে সমস্যা সমাধানৰ পক্ষপাতী। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়েও স্পষ্ট কৰি দিছে যে অঞ্চলটোত শান্তি আৰু স্থিতিশীলতা পুনৰ ঘূৰাই অনাটো জৰুৰী।
সোমবাৰৰ ঘটনাৰ পাছতো দিল্লীয়ে পুনৰবাৰ সেই অঞ্চলত শান্তিৰ বাবে আহ্বান জনাইছে। মঙলবাৰে পুৱা বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত লিখিছে, “অঞ্চলটোত বাণিজ্যিক জাহাজত হোৱা আক্ৰমণ অতি চিন্তনীয়।” ভাৰতে মালবাহী জাহাজত আক্ৰমণ শীঘ্ৰেই বন্ধ কৰিবলৈও অনুৰোধ জনাইছে।











