
সমগ্ৰ পঞ্জাবত আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই থকাৰ সময়তে হাতে-লোটে ধৰা পৰিল এজন ড্ৰাগছ আসক্ত আৰক্ষী। মানছাৰ বুধলাৰাৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰা হয়। এই ঘটনাক লৈ নতুন বিতৰ্কৰ সৃষ্টি হৈছে। প্ৰশ্ন হয়, ড্ৰাগছ ব্যৱসায়ীক ধৰা অভিযানত নামি পৰাসকলৰ মাজতেই দেখো ‘ভূত’ আছে। উল্লেখ্য যে বিগত কিছুদিনত সমাজকৰ্মী পৰবিন্দৰ সিং ঝোটাক গুলীয়াই হত্যা কৰা হৈছিল। তেওঁ ড্ৰাগছৰ বিৰুদ্ধে মাত মাতিছিল। কেৱল সেয়াই নহয়, ঔষধৰ দোকানত গোপনে ড্ৰাগছ বিক্ৰীৰ বিৰুদ্ধেও মাত মাতিছিল। তেনে এখন দোকানৰ বিৰুদ্ধে মাত মাতিবলৈ যোৱাৰ বাবে ড্ৰাগছ ব্যৱসায়ীজনে গুলীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

ঝোটাৰ মৃত্যুৰ ঘটনাৰ পিছত আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহ আৰু বিক্ৰীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে। এই অভিযানৰ নাম দিয়া হৈছে ‘যুধ নাছিয়া বিৰুধ’। ৰাজ্যজুৰি যেতিয়া আৰক্ষীয়ে ড্ৰাগছ বেপাৰীক গ্ৰেপ্তাৰ কৰিবলৈ অভিযান আৰম্ভ কৰে, তেতিয়াই মানছা জিলাত কৰ্তব্যৰত এজন আৰক্ষী ড্ৰাগছ আসক্ত অৱস্থাত ধৰা পৰে। ধৃত আৰক্ষীজনৰ নাম সেহাজপ্ৰীত সিং। তেওঁ এজন সহকাৰী উপ-পৰিদৰ্শক (এএছআই)। তেওঁৰ বিৰুদ্ধে মাদক দ্ৰব্য আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। তেওঁৰ তেজৰ নমুনাত ড্ৰাগছ পোৱা গৈছে। অৱশ্যে তেওঁৰ পৰা কোনো ধৰণৰ ড্ৰাগছ উদ্ধাৰ হোৱা নাই বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। শুকুৰবাৰে বুধলাৰাৰ আইটিআই চ’কৰ সমীপত নিচাযুক্ত দ্ৰব্য সেৱন কৰি ধৰা পৰে এএছআইজন। উল্লেখ্য যে তেওঁক মানছাত চলি থকা ড্ৰাগছ বিৰোধী অভিযান পৰিচালনা কৰিবলৈ নিয়োগ কৰা হৈছিল। স্থানীয় ৰাইজে তেওঁক ধৰি আৰক্ষীক খবৰ দিয়ে।













