
নৱৰাত্ৰি উপলক্ষে সোমবাৰে দেশবাসীক সম্ভাষণ জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Narendra Modi)। তেওঁ কয় যে নৱৰাত্ৰিৰ প্ৰথম দিন ২২ ছেপ্টেম্বৰৰ সূৰ্যোদয়ৰ পৰা নতুন প্ৰজন্মৰ সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি) কাৰ্যকৰী হ’ব।

আনহাতে, ৰাজ্যসমূহলৈ বাৰ্তা প্ৰেৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “বৰ্তমান বিভিন্ন বিদেশী সামগ্ৰী আমাৰ দৈনন্দিন জীৱনৰ অংশ হৈ পৰিছে। আমি ইয়াৰ পৰা মুক্তি পাব লাগিব। আমি ‘মে’ড ইন ইণ্ডিয়া’ সামগ্ৰী ক্ৰয় কৰিব লাগিব। প্ৰতিখন ঘৰক থলুৱা সামগ্ৰীৰ প্ৰতীক হিচাপে গঢ়ি তুলিব লাগিব, প্ৰতিখন দোকান থলুৱা সামগ্ৰীৰে সজাই-পৰাই তুলিব লাগিব।”
তেওঁ গৌৰৱেৰে থলুৱা সামগ্ৰী ক্ৰয়-বিক্ৰয় কৰিবলৈ আহ্বান জনায়। লগতে ৰাজ্য চৰকাৰসমূহক প্ৰতিখন ৰাজ্যতে থলুৱা সামগ্ৰীৰ উৎপাদনৰ গতি আৰু অধিক বৃদ্ধি কৰিবলৈ পৰামৰ্শ দিয়ে। তেওঁ বিনিয়োগৰ পৰিৱেশ গঢ়ি তোলাৰো পৰামৰ্শ দিয়ে। মোদীয়ে কয় যে কেন্দ্ৰ আৰু ৰাজ্যসমূহ একেলগে আগবাঢ়িলেহে আত্মনিৰ্ভৰ ভাৰতৰ সপোন পূৰণ হ’ব।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে থলুৱা সামগ্ৰীৰ ব্যৱহাৰ আৰু অধিক বৃদ্ধিৰ আহ্বান জনাই কয়, “যেতিয়া ভাৰত উন্নয়নৰ শিখৰত আছিল, তেতিয়া দেশৰ অৰ্থনীতিৰ মূল ভেটি আছিল ক্ষুদ্ৰ, মজলীয়া আৰু কুটীৰ উদ্যোগ। ভাৰতত নিৰ্মিত সামগ্ৰীৰ মান অতি ভাল আছিল। সেই গৌৰৱময় অধ্যায়টো পুনৰ সজীৱ কৰিব লাগিব।”
প্ৰধানমন্ত্ৰীয়ে কয় যে থলুৱা সামগ্ৰীৰ মান এনেকুৱা হ’ব লাগিব যিয়ে সমগ্ৰ বিশ্বতে ভাৰতৰ গৌৰৱ বৃদ্ধি কৰিব। সেই লক্ষ্যৰ দিশে আগবাঢ়িব লাগিব দেশবাসীয়ে। তেওঁ কয়, “যেনেকৈ স্বদেশী মন্ত্ৰৰ পৰা দেশৰ স্বাধীনতা আন্দোলনে শক্তি পাইছিল, ঠিক তেনেদৰে স্বদেশী মন্ত্ৰই দেশৰ উন্নয়নতো শক্তি প্ৰদান কৰিব।”
প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে সময়ৰ দাবী অনুযায়ী সকলো পক্ষৰ মতামত শুনি নতুন প্ৰজন্মৰ আগত নৱৰাত্ৰিত জি এছ টিৰ নতুন গাঁথনি দাঙি ধৰা হৈছে। এই প্ৰসংগত মোদীয়ে খাদ্য, ঔষধ, চাবোন, জীৱন বীমা, স্বাস্থ্য বীমাকে ধৰি আন কেইবাটাও সামগ্ৰী আৰু সেৱাৰ কথা উল্লেখ কৰে।
ইয়াৰে বহুকেইটা সম্পূৰ্ণ কৰমুক্ত হৈ পৰিছে বুলিও তেওঁ কয়। কিছুমান ক্ষেত্ৰত এই কৰ পাঁচ শতাংশলৈ কমাই দিয়া হৈছে। দেশবাসীক উদ্দেশ্যি মোদীয়ে কয় যে দেশখনক স্বাৱলম্বী কৰাৰ দিশত সোমবাৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হ’ব।
তেওঁ কয় যে সোমবাৰৰ পৰা দেশবাসীয়ে সঞ্চয় আৰম্ভ কৰিব। ফলত দেশবাসীৰ সঞ্চয় বাঢ়িব আৰু বহু সামগ্ৰী সস্তা হ’ব। ফলত দেশবাসীয়ে নিজৰ ইচ্ছামতে বস্তুবোৰ সহজে কিনিব পাৰিব। মোদীয়ে কয় যে জি এছ টিৰ এই ‘ৰেহাই উৎসৱ’-এ দেশৰ সকলো শ্ৰেণীৰ লোকক উপকৃত কৰিব।
উল্লেখ্য যে ২২ ছেপ্টেম্বৰ সোমবাৰৰ পৰা সমগ্ৰ দেশতে কার্যকৰী হৈছে সামগ্ৰী আৰু সেৱা কৰৰ (জি এছ টি) নতুন গাঁথনি। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে পূৰ্বে ইয়াৰ কথা ঘোষণা কৰিছিল। তাৰ ঠিক পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিয়লি দেশবাসীক সম্বোধন কৰে।











