
বুধবাৰৰ পৰা আৰক্ষীৰ সৈতে সংগতি ৰাখি মণিপুৰত আছাম ৰাইফলছে (Manipur Assam Rifles) উগ্ৰপন্থীৰ সন্ধানত তালাচী অভিযান আৰম্ভ কৰিছে । ইয়াৰ নাম হৈছে ‘অপাৰেচন সংকট’।

কেন্দ্ৰীয় সেনাই শনিবাৰে প্ৰকাশ কৰা অনুসৰি, তিনিদিনীয়া তালাচী অভিযানত ১০ জন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত আছে নিষিদ্ধ কুকি উগ্ৰপন্থী সংগঠন ‘ইউনাইটেড কুকি নেশ্যনেল আৰ্মী’ৰ (ইউ কে এন এ) মুখ্য পদবীৰ অধিনায়ক এছ এছ লেফটেনেণ্ট জামখোগিন গুইট লুফো ওৰফে পেপচি।
বুধবাৰে নিশা চুৰাচান্দপুৰ জিলাৰ বনাঞ্চলত চলা অভিযানৰ সময়ত পেপচিকে ধৰি ছয়জন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰে আছাম ৰাইফলছে। আনহাতে, বৃহস্পতিবাৰ আৰু শুকুৰবাৰে পশ্চিম ইম্ফল আৰু থৌবাল জিলাৰ দুটা পৃথক ইউ কে এন এ শিবিৰৰ পৰা চাৰিজন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰে।
মণিপুৰ আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ২০২৪ চনৰ জানুৱাৰী মাহত বিষ্ণুপুৰ জিলাত মেইটেই সম্প্ৰদায়ৰ চাৰিজন লোকক হত্যা কৰাৰ অভিযোগ তেওঁলোকৰ বিৰুদ্ধে উত্থাপন হৈছে।
ছেপ্টেম্বৰ মাহত দিল্লীত কেন্দ্ৰীয় চৰকাৰে দুটা কুকি উগ্ৰপন্থী সংগঠন নেচনেল অৰ্গেনাইজেশ্যন আৰু ইউনাইটেড পিপ’লছ ফ্ৰণ্টৰ প্ৰতিনিধিৰ সৈতে এবছৰৰ বাবে যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ কৰিছিল।
কিন্তু ইউ কে এন এ কে ধৰি কিছুমান কুকি উগ্ৰপন্থীয়ে কেন্দ্ৰৰ আহ্বানৰ প্ৰতি সঁহাৰি নিদি যুদ্ধ অব্যাহত ৰাখিব বুলি ঘোষণা কৰে। কিছুমান মেইটেই সশস্ত্ৰ গোটৰ পৰাও বিৰোধিতা আহে। ইয়াৰ পিছত শান্তি চুক্তিত অংশ নোলোৱা সংগঠনৰ বিৰুদ্ধে কাৰ্যকলাপ আৰম্ভ কৰা হৈছে।













