
ছত্তীশগড়-মধ্যপ্ৰদেশ সীমান্তত মাওবাদীৰ সৈতে হোৱা সংঘৰ্ষত মধ্যপ্ৰদেশৰ এজন আৰক্ষী জোৱান নিহত হয়। আনহাতে, সমগ্ৰ অন্ধ্ৰপ্ৰদেশতে মাওবাদী বিৰোধী কঠোৰ অভিযান আৰম্ভ হয়।

এই অভিযানত নিষিদ্ধ চি পি আই (মাওবাদী) দলৰ কমেও ৫০ জন সদস্যক গ্ৰেপ্তাৰ কৰা হয়। বুধবাৰে পুৱা ছত্তীশগড়-মধ্যপ্ৰদেশ সীমান্তৰ কংহুৰা বনাঞ্চলত মাওবাদীৰ সৈতে হোৱা যুঁজত মধ্যপ্ৰদেশৰ এজন আৰক্ষী জোৱানৰ মৃত্যু হয়।
ৰাজনান্দগাঁও ৰেঞ্জৰ আই জি অভিষেক শাণ্ডিল্যই কয় যে ৰাজ্য দুখনৰ পৰা অহা নিৰাপত্তাৰক্ষীৰ যুটীয়া বাহিনীয়ে ছত্তীশগড়ৰ বৰতালোভ অঞ্চলৰ কংঘুৰা বনাঞ্চলত অভিযান চলাই থকাৰ সময়তে হঠাতে মাওবাদীৰ সৈতে সংঘৰ্ষ আৰম্ভ হয়। ফলত আৰক্ষী জোৱানজনৰ মৃত্যু হয়।
আৰক্ষীৰ সূত্ৰৰ উদ্ধৃতি দি পি টি আয়ে প্ৰকাশ কৰা অনুসৰি, মৃত লোকজন মধ্যপ্ৰদেশ আৰক্ষীৰ উপ-পৰিদৰ্শক আছিল। এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোত নিৰাপত্তা অধিক শক্তিশালী কৰা হৈছে। আনহাতে, সংবাদ সংস্থা পি টি আয়ে প্ৰকাশ কৰা অনুসৰি, বুধবাৰে অন্ধ্ৰৰ পাঁচখন জিলাত পৃথক পৃথক অভিযানত কমেও ৫০ জন মাওবাদীক গ্ৰেপ্তাৰ কৰা হৈছে।
চোৰাংচোৱাৰ সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত অন্ধ্ৰপ্ৰদেশ আৰক্ষীয়ে এই অভিযান চলাইছিল। অন্ধ্ৰপ্ৰদেশৰ চোৰাংচোৱা সংস্থাৰ এ ডি জি মহেশ চন্দ্ৰ লাড্ডাই বুধবাৰে বিজয়াৱাড়াত এক সংবাদমেলত কয়, “মাৰভি হিদমাৰ মৃত্যুৰ পিছত আমি ৰাজ্যৰ পাঁচখন জিলাত যৌথ অভিযান আৰম্ভ কৰিছোঁ। এতিয়ালৈকে চি পি আই (মাওবাদী)ৰ ৫০ জন সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে।”










