ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Sports News

ICC T-20 WC : টি-২০ বিশ্বকাপ সন্দৰ্ভত নতুন জটিলতা, ভাৰতীয় আই চি চিৰ সদস্যক ভিছা নিদিলে বাংলাদেশে

নিউজ ডেস্কঃ

News Desk by News Desk
January 17, 2026
Reading Time: 1 min read
A A
0
ICC T-20 WC : টি-২০ বিশ্বকাপ সন্দৰ্ভত নতুন জটিলতা, ভাৰতীয় আই চি চিৰ সদস্যক ভিছা নিদিলে বাংলাদেশে

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক

Curacao in Fifa world cup : জনসংখ্যাৰ দিশত ভাৰতৰ তুলনাত নগণ্য : ডেৰ লাখ জনসংখ্যাৰ দ্বীপ ৰাষ্ট্ৰ কুৰাচাওৱে এইবাৰ খেলিব ফিফা বিশ্বকাপ

জয় শ্বাহৰ নেতৃত্বত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে টি-২০ বিশ্বকাপ (T-20 World Cup)ৰ অচলাৱস্থাৰ সমাধানৰ বাবে চেষ্টা চলাই আছে। অৱশ্যে বাংলাদেশৰ বিৰুদ্ধে সহযোগ নকৰাৰ অভিযোগ উত্থাপন হৈছে। এই সমস্যা সমাধানৰ বাবে বাংলাদেশলৈ যোৱাৰ কথা আছে আই চি চি (ICC)ৰ এটা প্ৰতিনিধি দল। বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ বিষয়াসকলৰ সৈতে তেওঁলোক মুখামুখি আলোচনাত মিলিত হ’ব। কিন্তু বাংলাদেশে (Bangladesh) আই চি চিৰ প্ৰতিনিধি দলৰ ভাৰতীয় সদস্যজনক ভিছা প্ৰদান কৰা নাই। ‘প্ৰথম আলো’কে ধৰি কেইবাটাও বাংলাদেশী সংবাদ মাধ্যমে এই খবৰ প্ৰকাশ কৰিছে।

আলোচনাৰ বাবে বাংলাদেশলৈ যোৱাৰ কথা আছিল আই চি চিৰ দুজনীয়া প্ৰতিনিধি দল। কিন্তু যিহেতু ভাৰতীয় সদস্যজনক ভিছা নিদিলে, সেয়েহে আই চি চিৰ দুৰ্নীতিবিৰোধী আৰু নিৰাপত্তা বিভাগৰ মুৰব্বী এণ্ড্ৰু এফ গ্ৰেভ অকলে কথা পাতিবলৈ গৈ আছে। শনিবাৰে বি চি বিৰ বিষয়াৰ সৈতে বৈঠকত মিলিত হোৱাৰ কথা। আই চি চিৰ এগৰাকী জ্যেষ্ঠ বিষয়াই এফ গ্ৰেভৰ সৈতে ঢাকালৈ যোৱাৰ কথা আছিল। যিহেতু তেওঁ ভাৰতীয়, গতিকে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে তেওঁৰ ভিছা আবেদনত অনুমোদন নিদিলে। অৱশ্যে বিষয়াগৰাকীৰ নাম প্ৰকাশ কৰা নাই আই চি চিয়ে। বাংলাদেশৰ সংবাদ মাধ্যমৰ সূত্ৰৰ পৰা এই সন্দৰ্ভত খবৰ লাভ কৰা হৈছে।

ssp | ASSAM TIMES POST
টি-২০ বিশ্বকাপ সন্দৰ্ভত নতুন জটিলতা, ভাৰতীয় আই চি চিৰ সদস্যক ভিছা নিদিলে বাংলাদেশে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে মুস্তাফিজুৰ ৰহমানক আগন্তুক আই পি এলৰ পৰা বাদ দিয়াৰ পিছতে ক্ষুব্ধ হৈ পৰিছে বাংলাদেশ। ইয়াৰ প্ৰতিবাদত বি চি বিৰ বিষয়াসকলে দেশৰ ক্ৰীড়া উপদেষ্টা আছিফ নজৰুলৰ নিৰ্দেশত টি-২০ বিশ্বকাপৰ বাবে ভাৰতলৈ দল প্ৰেৰণ কৰিবলৈ ইচ্ছুক নহয়। লিটন দাসৰ দলৰ বাবে ভাৰতত নিৰাপত্তাজনিত সমস্যা হ’ব পাৰে বুলি দাবী বি চি বিৰ। বাংলাদেশৰ মেচসমূহ ভাৰতৰ পৰা স্থানান্তৰিত কৰি শ্ৰীলংকাত অনুষ্ঠিত কৰিবলৈও দাবী জনাইছে। আই চি চিয়ে কয় যে এতিয়া সকলো ব্যৱস্থা হোৱাৰ পিছত বিশ্বকাপৰ সূচী সলনি কৰাটো সম্ভৱ নহয়। দুয়োপক্ষৰ মাজত কেইবাবাৰো চিঠি-পত্ৰৰ অন্তত ভাৰ্চুৱেল বৈঠকত এই অচলাৱস্থাৰ সমাধান হোৱা নাই। এই সিদ্ধান্ত পুনৰ বিবেচনাৰ বাবে আই চি চিৰ প্ৰতিনিধিৰ অনুৰোধ নাকচ কৰে বি চি বিৰ বিষয়াসকলে। ভাৰতৰ মাটিত বিশ্বকাপৰ খেল খেলিব নোৱৰাৰ ওপৰত অটল হৈ থাকে। এই সমস্যা সমাধানৰ বাবে আই চি চিয়ে বাংলাদেশলৈ গৈ মুখামুখিকৈ কথা পতাৰ সিদ্ধান্ত লয়। সিদ্ধান্ত লোৱা হ’ল যে দুজনীয়া প্ৰতিনিধি দল ঢাকালৈ যাব। কিন্তু দলটোৰ এজন ভাৰতীয় হোৱাৰ বাবে বাংলাদেশে তেওঁক ভিছা নিদিলে।

অৱশ্যে এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে কোনো সঁহাৰি নিদিলে আই চি চিয়ে। ভাৰত-বাংলাদেশৰ ৰাজনৈতিক সম্পৰ্ক আৰু দ্বিপাক্ষিক উত্তেজনাত আই চি চি জড়িত হ’ব নিবিচাৰে। অৱশ্যে প্ৰতিনিধি দলটোৰ এজন সদস্যক ভিছা প্ৰদান নকৰাত অসন্তুষ্ট হৈ পৰিছে আই চি চি।

Tags: ICCT-20WC
Share4Tweet3Send

Related Posts

FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
Sports News

FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

by News Desk
June 11, 2026
50
‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক
Sports News

‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক

by News Desk
June 9, 2026
50
Curacao in Fifa world cup : জনসংখ্যাৰ দিশত ভাৰতৰ তুলনাত নগণ্য : ডেৰ লাখ জনসংখ্যাৰ দ্বীপ ৰাষ্ট্ৰ কুৰাচাওৱে এইবাৰ খেলিব ফিফা বিশ্বকাপ
Sports News

Curacao in Fifa world cup : জনসংখ্যাৰ দিশত ভাৰতৰ তুলনাত নগণ্য : ডেৰ লাখ জনসংখ্যাৰ দ্বীপ ৰাষ্ট্ৰ কুৰাচাওৱে এইবাৰ খেলিব ফিফা বিশ্বকাপ

by News Desk
June 3, 2026
50
Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে
Sports News

Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে

by News Desk
June 1, 2026
50
FIFA world cup 2026 : ফুটবলপ্ৰেমীৰ বাবে সুখবৰ, ভাৰতীয় দৰ্শকে পাব পাৰে টেলিভিছনত বিশ্বকাপ ফুটবল চোৱাৰ সুবিধা
Sports News

FIFA World Cup : বিশ্বকাপলৈ ১৩ দিন : ইৰাণৰ ফুটবল খেলুৱৈক এতিয়াও আমেৰিকাই দিয়া নাই ভিছা, কানাডাৰ ভিছাৰ বাবেও আৱেদন, পশ্চিম এছিয়াৰ দেশৰ

by News Desk
May 29, 2026
50
FIFA world cup 2026 : ফুটবলপ্ৰেমীৰ বাবে সুখবৰ, ভাৰতীয় দৰ্শকে পাব পাৰে টেলিভিছনত বিশ্বকাপ ফুটবল চোৱাৰ সুবিধা
Sports News

FIFA world cup 2026 : ফুটবলপ্ৰেমীৰ বাবে সুখবৰ, ভাৰতীয় দৰ্শকে পাব পাৰে টেলিভিছনত বিশ্বকাপ ফুটবল চোৱাৰ সুবিধা

by News Desk
May 23, 2026
50
ADVERTISEMENT
Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে
National-International

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

June 14, 2026
50
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ
National-International

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

June 14, 2026
50
‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎
National-International

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

June 14, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

‎আত্মৰক্ষা আৰু আক্ৰমণ দুয়োটাৰে বাবে সাজু ইজৰাইল

June 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

June 14, 2026
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

June 14, 2026
‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

June 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx