ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত : বোকাখাত মহকুমাৰ শ্ৰী শ্ৰী গোমোঠা মাহহৰা সত্ৰত ১৭ ফেব্ৰুৱাৰীত ৬৭ গৰাকী চাহ মজদুৰক শৰণীয়া ভজনীয়া দীক্ষা প্ৰদান কৰা হয়। খুমটাই বিধান সভা সমষ্টিৰ কচুপথাৰ অঞ্চলৰ মিলনপুৰ নামঘৰ খেলৰ এই লোক সকলক শ্ৰী শ্ৰী গোমোঠা মাহহৰা সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু গৌতম গোস্বামীয়ে নামঘৰত উপস্থিত থাকি এই কৰ্ম সমাপন কৰে।
উল্লেখযোগ্য যে ইতিপূৰ্বে বিভিন্ন জনগোষ্ঠীৰ শ্ৰমিক, মজদুৰক এই সত্ৰত দীক্ষা প্ৰদান কৰি আহিছে।