
অধ্যক্ষ ওম বিৰলা (Lok Sabha Chairman Om Birla)ৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ (No-confidence motion against) বাৰে বাৰে স্থগিত ৰখাৰ বাবে সোমবাৰে লোকসভাত বিতৰ্ক নহ’ল (No debate in the Lok Sabha)। পশ্চিম এছিয়াৰ যুদ্ধ পৰিস্থিতি সন্দৰ্ভত আলোচনাৰ দাবী জনাই অহাত অধ্যক্ষৰ বিৰুদ্ধে বাজেট অধিবেশনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰথমদিনা লোকসভাত অনাস্থা প্ৰস্তাৱ দাখিল কৰা নহ’ল।
বিৰোধী সদস্যৰ ধাৰাবাহিক প্ৰতিবাদৰ বাবে প্ৰথমে দুপৰীয়া ১২ বজাত, তাৰ পিছত বিয়লি ৩ বজাত আৰু পিছদিনা অধিবেশন স্থগিত ৰখা হয়। অধিবেশনৰ দায়িত্বত থকা বিজেপি সাংসদ জগদম্বিকা পালে বিৰলাৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱ মানি লৈ শৃংখলা বজাই ৰাখিবলৈ আৰু অধিবেশনত বিতর্কৰ অনুমতি দিবলৈ অনুৰোধ জনায়৷

কিন্তু যেতিয়া সেইটো নহ’ল, তেতিয়া তেওঁ স্থগিত ৰাখে। জগদম্বিকা পালে বিৰোধীৰ আচৰণক অপৰিপক্ব আৰু দায়িত্বজ্ঞানহীন বুলি অভিহিত কৰে। তেওঁ কয় যে চৰকাৰ আৰু অধ্যক্ষ (ভাৰপ্ৰাপ্ত অধ্যক্ষ) দুয়োজনেই এই প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ সাজু আছিল যদিও বিৰোধীয়ে বাধাৰ সৃষ্টি কৰিছে।
উল্লেখ্য যে বিৰোধীয়ে অনা অনাস্থা প্ৰস্তাৱৰ সমাধান নোহোৱালৈকে অধ্যক্ষ বিৰলাই নিজে লোকসভাৰ সভাপতিত্ব কৰা নাই। ১০ ফেব্ৰুৱাৰীত বিয়লি বাজেট অধিবেশনৰ প্ৰথম পৰ্যায়ৰ সময়ত কংগ্ৰেছৰ মুখ্য হুইপ কে সুৰেশে লোকসভা সচিবালয়ত অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ জাননী দাখিল কৰে। সমাজবাদী পাৰ্টী, ডি এম কে, শিৱসেনা (ইউ বি টি), এন চি পি (শ্বাৰদ) আৰু এছ পিকে ধৰি কেইবাটাও বিৰোধী দলে অধ্যক্ষক ‘পক্ষপাতমূলক আচৰণ’ৰ অভিযোগ উত্থাপন কৰি অনাস্থা প্ৰস্তাৱৰ জাননীখনত স্বাক্ষৰ কৰিছিল।










