
জম্মু-কাশ্মীৰৰ ৰাজৌৰী (Rajouri of Kashmir)ত উদ্ধাৰ হৈছে সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান (Terrorist’s hiding place)। এক গোপন সূত্ৰৰ ভিত্তিত নিৰাপত্তাৰক্ষীয়ে বুধবাৰে নিশা ৰাজৌৰীৰ থানামণ্ডি অঞ্চলৰ চামাৰ বনাঞ্চলত অভিযান চলায়। তালাচী অভিযানৰ সময়তে হাবিত উদ্ধাৰ হয় সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান। লুকাই থকা ঠাইৰ পৰা উদ্ধাৰ কৰা হৈছে এটা ইম্প্ৰভাইজড এক্সপ্ল’ছিভ ডিভাইচ (IED) (আই ই ডি)। কিছু কাপোৰ আৰু খাদ্যও উদ্ধাৰ (Rescue clothes and food too) কৰা হয়। অৱশ্যে সেই সময়ত আত্মগোপন স্থানত কোনো সন্ত্ৰাসবাদী নাছিল।
বুধবাৰে লুকাই থকা ঠাইখন বিচাৰি পোৱাৰ পিছত ৰাষ্ট্ৰীয় ৰাইফলছৰ জোৱানসকলে হাবিত অনুসন্ধান আৰম্ভ কৰে। কোনে বা কিহৰ বাবে বিস্ফোৰক আৰু অন্যান্য সামগ্ৰী হাবিত লুকুৱাই ৰাখিছে সেই কথা জানিবলৈ চেষ্টা কৰে। অৱশ্যে দীৰ্ঘসময় ধৰি তালাচী চলোৱাৰ পিছতো সন্দেহজনক কোনো লোকৰ সন্ধান পোৱা নগ’ল। এই ঘটনাত কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই। সন্ত্ৰাসবাদীয়ে অস্থায়ীভাৱে অৰণ্যত আশ্ৰয় ল’বলৈ এই আত্মগোপন স্থান নিৰ্মাণ কৰিছিল বুলি অনুমান কৰা হৈছে।

উল্লেখযোগ্য যে মঙলবাৰে ৰজৌৰী জিলাত অনুপ্ৰৱেশৰ চেষ্টাত এজন সন্ত্ৰাসবাদী নিহত হয়। ৰজৌৰীৰ নৌশ্বেৰা ছেক্টৰত নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰৰ পৰা ভাৰতত অনুপ্ৰৱেশ কৰিবলৈ গৈ নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হয় সন্ত্ৰাসবাদীজন। বুধবাৰে সেনাই প্ৰকাশ কৰে নিহত সন্ত্ৰাসবাদীৰ পৰিচয়। হামজা ইউছুফ নামৰ সন্ত্ৰাসবাদীজন পাকিস্তান অধিকৃত কাশ্মীৰৰ বাসিন্দা। তেওঁ আছিল পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন লস্কৰ-এ-তৈবাৰ সক্ৰিয় সদস্য।
আনহাতে, লস্কৰ সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ চেষ্টা বিফল কৰাৰ এদিন পিছতে সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান আৱিষ্কাৰ কৰে জোৱানসকলে। ইফালে, বৃহস্পতিবাৰে পুৱাৰে পৰা ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই জম্মু-কাশ্মীৰৰ পুঞ্চৰ কেইবাটাও স্থানত তালাচী চলাবলৈ আৰম্ভ কৰিছে বিধ্বংসী ষড়যন্ত্ৰৰ গোচৰত।










