
চুম্বন বিতর্কৰ পিছত পুনৰ চৰ্চাত সঙ্গীত শিল্পী উদিত নাৰায়ণ। শিল্পীগৰাকীৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে তেওঁৰ প্রথম পত্নী ৰঞ্জনা নাৰায়ণ ঝাই।

কেৱল উদিত নাৰায়ণেই নহয়, তেওঁৰ দুই জ্যেষ্ঠ ভাতৃ সঞ্জয় কুমাৰ ঝা আৰু ললিত নাৰায়ণ ঝা তথা দ্বিতীয় পত্নী দীপা নাৰায়ণৰ বিৰুদ্ধেও তেওঁ অভিযোগ আনিছে। ৰঞ্জনাৰ দাবী, চিকিৎসাৰ নামত ষড়যন্ত্র কৰি তেওঁৰ অজ্ঞাতে জৰায়ু অপসাৰণ কৰা হৈছিল।
আৰক্ষীৰ সূত্র অনুসৰি, ৰঞ্জনা অভিযোগত লিখিছে যে বিহাৰৰ চুপৌল জিলাৰ চন্দ্রকান্ত ঝাৰ তেওঁ জীয়াৰী। বৰ্তমান তেওঁৰ বয়স ৬১ বছৰ। ১৯৮৪ চনৰ ৭ ডিচেম্বৰত হিন্দু ৰীতি-নীতিমতে উদিত নাৰায়ণৰ সৈতে তেওঁৰ বিয়া হৈছিল। তেওঁৰ দাবী, ১৯৮৫ চনত উদিত নাৰায়ণে তেওঁক এৰি মুম্বাইলে গুচি যায়। তাৰ পিছত তেওঁক নজনোৱাকৈয়ে মুম্বাইত দীপাৰ সৈতে বিবাহপাশত আবদ্ধ হয়।
কিছুদিন পূৰ্বেও উদিত নাৰায়ণৰ বিৰুদ্ধে বিভিন্ন অভিযোগ তুলিছিল ৰঞ্জনাই। পৰৱৰ্তী সময়ত সকলো মিতমাত কৰি দুয়োগৰাকী পত্নীৰ সৈতেই তেওঁ সু-সম্পর্ক বজাই ৰাখিছিল।
কিন্তু এইবাৰ ৰঞ্জনাৰ নতুন অভিযোগ, ১৯৯৬ চনত উদিত নাৰায়ণৰ এগৰাকী ককায়েকে তেওঁক চিকিৎসাৰ বাবে দিল্লীলৈ লৈ গৈছিল। ৰঞ্জনাৰ দাবী, সেই সময়ত তেওঁক নজনোৱাকৈয়ে তেওঁৰ জৰায়ু অপসাৰণ কৰা হয়। সেই সময়ত হাস্পতালত উপস্থিত আছিল উদিত নাৰায়ণৰ দ্বিতীয় পত্নী দীপাও। ইয়াৰ পিছত চিকিৎসাৰ বাবে বহুকেইটা পৰয়ক্ষা কৰাইছিল ৰঞ্জনাই। তেতিয়াই জানিব পাৰে যে তেওঁৰ শৰীৰত জৰায়ু নাই।
উদিত নাৰায়ণৰ প্রথম পত্নীয়ে লগতে দাবী জনায় যে ২০০৬ চনত যেতিয়া তেওঁ মুম্বাইলৈ আহিছিল তেতিয়া উদিত নাৰায়ণ আৰু তেওঁৰ দ্বিতীয় পত্নীয়ে ঘৰত সোমাবলৈ দিয়া নাছিল, অতি বেয়া ব্যৱহাৰ কৰিছিল। পিছত নেপালত থকা শহুৰৰ ঘৰলৈ যেতিয়া তেওঁ গৈছিল, তাৰ পৰাও তেওঁক দলপূৰ্বক বাহিৰ কৰি দিয়া বুলি অভিযোগ কৰে। তাৰ পিছৰ পৰাই ৰঞ্জনা নিজৰ পিতৃৰ ঘৰতেই আছে।
তাৰ পিছত যেতিয়া ৰঞ্জনা চুপৌলৰ পাৰিবাৰিক আদালত আৰু মহিলা আয়োগৰ দ্বাৰস্থ হয়, তেতিয়া উদিত নাৰায়ণে তেওঁক প্রথম পত্নী হিচাপে গ্রহণ কৰিছিল আৰু বুজাবুজিৰ চুক্তিও হৈছিল। আদালতত দিয়া প্রতিশ্রুতিৰো উদিত নাৰায়ণে কোনো সন্মান কৰা নাই বুলি ৰঞ্জনাৰ অভিযোগ।









