
জ্ঞানেশ কুমাৰে মুখ্য নিৰ্বাচন আয়ুক্ত (CEC Gyanesh Kumar) হিচাপে পক্ষপাতদুষ্ট আচৰণ কৰা বুলি অভিযোগ কৰি বিৰোধী দলৰ সাংসদ (Opposition party MP)সকলে সংসদৰ দুয়ো সদনত লিখিত প্ৰস্তাৱ (Proposal written in the meeting) দাখিল কৰিছে। তৃণমূলৰ সূত্ৰ অনুসৰি, জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে লোকসভাত ১৩০জন সাংসদ আৰু ৰাজ্যসভাৰ ৬৩জন সাংসদৰ স্বাক্ষৰেৰে জাননী দাখিল কৰা হৈছে। সংবাদ সংস্থা পি টি আয়ে সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশ কৰা অনুসৰি, অধিকাংশ সাংসদ ‘ইণ্ডিয়া’ৰ সদস্য। অৱশ্যে বিৰোধী শিবিৰৰ অংশ নহ’লেও জ্ঞানেশ কুমাৰক অপসাৰণৰ বাবে জাননীত স্বাক্ষৰ কৰিছে আম আদমি পাৰ্টিৰ সাংসদসকলে। কেইবাজনো নিৰ্দলীয় সাংসদেও স্বাক্ষৰ কৰিছে এই জাননীত। দৰাচলতে সংসদৰ দুয়ো সদনত মুখ্য নির্বাচন আয়ুক্তক অপসাৰণৰ প্রস্তাৱ দাখিল কৰা হৈছে৷

সূত্ৰ অনুসৰি, জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে কাৰ্যকালত বা কৰ্তব্যৰত অৱস্থাত পক্ষপাতিত্বমূলক আৰু বৈষম্যমূলক আচৰণ, নিৰ্বাচনী জালিয়াতিৰ তদন্তত ইচ্ছাকৃতভাৱে বাধা দিয়া আৰু ভোটাধিকাৰ কাঢ়ি লোৱাৰ অভিযোগ উত্থাপন হৈছে। জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে পশ্চিমবংগকে ধৰি কেইবাখনো অনা বিজেপিশাসিত ৰাজ্যত পক্ষপাতিত্বৰ অভিযোগ উত্থাপন হৈছে, য’ত তেওঁ বিজেপিৰ পক্ষপাতী বুলি অভিযোগ উঠিছে। ৰাজ্যৰ এছ আই আৰ বিষয়ত ভোটাৰৰ নাম বাদ দি ৬০ লাখ ভোটাৰক ‘বিবেচনাধীন’ বুলি উল্লেখ কৰি জ্ঞানেশ কুমাৰক লক্ষ্য কৰি লৈছে তৃণমূলে। মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে কলকাতাত পাঁচদিনীয়া ধৰ্ণাত বহিছিল, এছ আই আৰৰ জৰিয়তে যোগ্য ভোটাৰৰ নাম আঁতৰোৱাৰ অভিযোগত।
উল্লেখযোগ্য যে দেশৰ মুখ্য নিৰ্বাচনী বিষয়াক অপসাৰণৰ পদ্ধতি উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক অপসাৰণৰ সৈতে একে। অসৎ আচৰণ বা অযোগ্যতা প্ৰমাণ কৰিব পাৰিলে অভিযোগনামা দাখিল সম্ভৱ। প্ৰথমে লোকসভা আৰু ৰাজ্যসভাত অপসাৰণৰ প্ৰস্তাৱ দাখিল কৰিব লাগিব। সেই প্ৰস্তাৱ শুকুৰবাৰে সংসদৰ দুয়ো সদনত দাখিল কৰা হয়।










