
ইৰাণৰ আক্ৰমণ প্ৰতিহত (Iran War) কৰিবলৈ পশ্চিম এছিয়াৰ দেশসমূহক কাৰিকৰী সহায়ৰ প্ৰস্তাৱ দিয়াৰ পিছত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে এইবাৰ ইৰাণৰ নিৰ্বাসিত ৰাজকুমাৰ ৰেজা পাহলৱীৰ সৈতে পোনপটীয়াকৈ সাক্ষাৎ কৰি ‘মুক্তিৰ সংগ্ৰাম’ত যোগদান কৰাৰ বাৰ্তা প্ৰেৰণ কৰে।

শুকুৰবাৰে ফ্ৰান্সৰ ৰাজধানী পেৰিছত পাহলৱীৰ সৈতে জেলেনস্কিয়ে পশ্চিম এছিয়াৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে। ইয়াৰ পিছত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ছ’চিয়েল মিডিয়াত লিখিছে, “ইৰাণৰ ৰাজকুমাৰ আৰু তেওঁৰ দলটোৱে মোক দেশৰ ভিতৰৰ পৰা পোৱা বাৰ্তাৰ বিষয়ে অৱগত কৰিছিল। ইতিমধ্যে বিভিন্ন স্তৰৰ শাসন ব্যৱস্থাৰ নেতৃত্ব আৰু আন্তঃগাঁথনি গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে। পৰিস্থিতি অতি সংকটজনক।
ইৰাণৰ শাসন ব্যৱস্থা তচনচ হোৱাৰ লগে লগে ইৰাণৰ জনসাধাৰণে নিজৰ ভাগ্য নিৰ্ণয় কৰাৰ সুযোগ পাইছে। আমি আলোচনা কৰিলোঁ যে কেনেকৈ আন্তঃৰাষ্ট্ৰীয় পদক্ষেপ আৰু যৌথ প্ৰচেষ্টাই ইৰাণৰ জনসাধাৰণৰ মুক্তি লাভ কৰাত সহায় কৰিব পাৰে।”
৬৫ বছৰীয়া পাহলৱী বৰ্তমান আমেৰিকাত থাকে। ১৯৭৯ চনত তেহৰাণত হোৱা ইছলামিক বিপ্লৱত পিতৃক উৎখাত কৰাৰ আগতেই তেওঁ ইৰাণ এৰি থৈ যায়। ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতে ইৰাণত শাসন ব্যৱস্থাৰ বিৰুদ্ধে গণ প্ৰতিবাদৰ সময়ত জেলেনস্কিয়ে পাহলৱীৰ সৈতে সাক্ষাৎ কৰিছিল।
দুয়ো এমাহ পিছত পুনৰ লগ হয়। যোৱা সপ্তাহত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে দাবী কৰিছিল যে ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড ক’ৰ্পছে পশ্চিম এছিয়াৰ দেশসমূহৰ ওপৰত আক্ৰমণ চলাবলৈ শ্বাহিদ ড্ৰ’ন ব্যৱহাৰ কৰি আছে। ৰাছিয়াৰ সেনায়ো বিগত চাৰি বছৰে ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধত ইৰাণ নিৰ্মিত ড্ৰ’ন ব্যৱহাৰ কৰি আহিছে।
জেলেনস্কিয়ে কয়, “মই চৌদি আৰবৰ যুৱৰাজ মহম্মদ বিন ছালমানক জনাইছো যে ইউক্ৰেইন কাৰিকৰী সহায় আগবঢ়াবলৈ সাজু। সকলোৱে স্বীকাৰ কৰে যে বিশ্বৰ আন কোনো দেশৰ ইয়াৰ অভিজ্ঞতা নাই (শ্বাহীদ ড্ৰ’নৰ বিৰুদ্ধে)।
নেতা আয়াতুল্লা আলী খামেইনী, ইৰাণে পশ্চিম এছিয়াত আমেৰিকাৰ মিত্ৰ দেশসমূহক লক্ষ্য কৰি ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’ন আক্ৰমণ চলাই আহিছে। এই পৰিস্থিতিত পশ্চিম এছিয়াৰ দেশসমূহত ড্ৰ’ন আক্ৰমণ প্ৰতিহত কৰিব পৰাকৈ ইণ্টাৰচেপ্টৰ ড্ৰ’নৰ চাহিদা বৃদ্ধি পাইছে।










