
হোলীৰ বাবে পিতৃৰ ঘৰলৈ গৈছিল এগৰাকী মহিলা। কিছুদিন তাতে থাকি পুনৰ শহুৰেকৰ ঘৰলৈ উভতিছিল। তেওঁক আনিবলৈ গৈছিল স্বামী। পিতৃৰ ঘৰৰ সকলোৰে পৰা বিদায় লৈ মহিলাগৰাকীয়ে স্বামীৰ সৈতে শহুৰেকৰ ঘৰলৈ ৰাওনা হয়। শহুৰেকৰ ঘৰলৈ যাবলৈ দুবাৰ বাছ সলনি কৰিবলগা হয়।

প্ৰথম বাছখনৰ পৰা নামি অহাৰ পিছত দম্পতীহালে পিছৰ বাছখন ধৰিবলৈ বাছ আস্থানত ৰৈ আছিল। তেতিয়া তেওঁ স্বামীক কয় যে তেওঁৰ বৰ ভোক লাগিছে, পকোৰা খাবলৈ মন গৈছে। ঘৈণীয়েকক ৰৈ থাকিবলৈ কৈ গিৰীয়েক পকোৰা আনিবলৈ যায়।
কিন্তু পকোৰা অনাৰ পাছত তেওঁ দেখিলে যে পত্নী তাত নাই। এই ঘটনাই উত্তৰ প্ৰদেশৰ মোৰাদাবাদত হুলস্থুলৰ সৃষ্টি হয়। ৰামপুৰৰ ৰিমঝিম নামৰ যুৱতীগৰাকীয়ে আমৰোহা গাঁৱৰ যুৱক প্ৰীতম সিঙৰ সৈতে প্ৰায় তিনিমাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল।
হোলী উপলক্ষে ৰিমঝিম আহিছিল পিতৃৰ ঘৰলৈ। প্ৰীতমে ৯ মাৰ্চত মাক-দেউতাকৰ ঘৰৰ পৰা নিবলৈ আহিছিল। বিলাৰী বাছ আস্থানত নামি পিছৰ বাছখন ধৰিবলৈ ৰৈ আছিল। ৰিমঝিমে তেতিয়া ক’লে, “মোৰ বৰ ভোক লাগিছে। মোক পকোৰা খুৱাবনে?” প্ৰীতমে ঘৈণীয়েকৰ হেঁপাহ পূৰাবলৈ ওচৰৰ দোকান এখনলৈ যায় আৰু পকোৰা লৈ আহে।
কিন্তু ঘৈণীয়েকক বিচাৰি নোপোৱাত প্ৰীতম আতংকিত হৈ পৰে। আশে-পাশে থকা মানুহবোৰক ৰিমঝিমক দেখিছে নেকি বুলি সোধাত কিন্তু কোনেও ভাল উত্তৰ দিব পৰা নাছিল। অৱশেষত প্ৰীতম আৰক্ষীৰ কাষ চাপে। তেওঁ সন্দেহ কৰে যে ৰিমঝিমে গাঁৱৰ এজন যুৱকক লৈ পলাই গৈছে। প্ৰীতমে দাবী কৰে যে তেওঁৰ পত্নীয়ে আগতেই পৰিকল্পনা কৰিছিল।
সেয়ে পকোৰা অনাৰ অজুহাতত প্ৰীতমে ‘প্ৰেমিক’ৰ সৈতে পলাই যোৱাৰ অভিযোগ উত্থাপন কৰিছে। নিখোঁজ হোৱাৰ অভিযোগ কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি, ৰিমঝিমৰ মোবাইল টাৱাৰৰ লোকেচন চিনাক্তকৰণৰ প্ৰচেষ্টা অব্যাহত আছে। অৱশ্যে ৰিমঝিমৰ পৰিয়ালে এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই।










