
অৱশেষত ঘোষণা হ’ল অসম বিধানসভা (Assam Legislative Assembly)ৰ নিৰ্বাচনৰ দিন (Election day)। অসমৰ উপৰি আন তিনিখন ৰাজ্য কেৰালা (Kerala), তামিলনাডু (Tamilnadu) আৰু পশ্চিমবংগ (West Bengal) আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰী (Puducherry)ৰো বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিন ঘোষণা কৰা হৈছে।
নতুন দিল্লীৰ বিজ্ঞান ভৱনত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু নিৰ্বাচন আয়ুক্ত সুখবীৰ সিং সন্ধু আৰু বিবেক যোশীয়ে এক সংবাদমেল সম্বোধন কৰি ৰাজ্যকেইখনৰ নিৰ্বাচনৰ দিন আৰু প্ৰক্ৰিয়াৰ সূচী প্ৰকাশ কৰে। উল্লেখযোগ্য যে এইবাৰ অসমৰ নিৰ্বাচন পূৰ্বৰ তিনিটা পৰ্যায়ৰ পৰিৱৰ্তে এটা পর্যায়তে অনুষ্ঠিত হ’ব।
নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি
- অসম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ : ৯ এপ্ৰিল।
- ভোট গণনা : ৪ মে’
আনহাতে, পশ্চিমবঙ্গ বিধানসভাৰ নিৰ্বাচনৰ
- ভোটগ্ৰহণ : ২৩, ২৯ এপ্ৰিল।
- ভোট গণনা : ৪ মে’

ইফালে কেৰালা বিধানসভা নিৰ্বাচনৰ
- – ভোটগ্ৰহণ : ৯ এপ্ৰিল।
- ভোট গণনা : ৪ মে’
আনহাতে, তামিলনাডু বিধানসভা নিৰ্বাচনৰ
- ভোটগ্ৰহণ : ২৩ এপ্ৰিল।
- ভোট গণনা : ৪ মে’
ইয়াৰ উপৰি কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰী বিধানসভা নিৰ্বাচনৰ
- ভোটগ্ৰহণ : ৯ এপ্ৰিল।
- ভোট গণনা : ৪ মে’
উল্লেখযোগ্য যে ২০ মে’ত অসম বিধানসভাৰ কাৰ্যকাল সমাপ্ত হ’ব। আনহাতে, ২৩ মে’ত কেৰালাম, ১০ মে’ত তামিলনাডু আৰু ৭ মে’ত পশ্চিমবংগ বিধানসভাৰ কাৰ্যকাল শেষ হ’ব।













