
মাত্ৰ তিনি সপ্তাহৰ ভিতৰত অসমত নিৰ্বাচন (Assam Election)ৰ যাৱতীয় প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ নিৰ্বাচন আয়োগে সিদ্ধান্ত (Election Commission decision) গ্ৰহণ কৰি কাৰ্যতঃ ৰাজ্যৰ শাসনাধিষ্ঠিত দলক সহায়হে কৰিলে। শাসক দলৰ শ্ৰুতলিপি মতেহে নিৰ্বাচন আয়োগে এনেদৰে ন্যূনতম সময়ৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে। এই প্ৰতিক্ৰিয়া অসম জাতীয় পৰিষদ (Asom Jatiya Parishad)ৰ।

দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ (Lurinjyoti Gogoi) আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞা (Jagadish Bhuyan)ই এক প্ৰেছ বিজ্ঞপ্তিত কয় যে নিৰ্বাচন আয়োগে ৰাজনৈতিক দলসমূহক মনোনয়ন দাখিলৰ পৰা ভোটগ্ৰহণলৈকে মাত্ৰ তিনি সপ্তাহ সময় দিয়া কাৰ্যই ৰাজ্যৰ শাসনাধিষ্ঠিত দলক সহায় কৰিব। কাৰণ তেওঁলোকৰ পৰ্যাপ্ত ধন আছে, চৰকাৰী যন্ত্ৰ হাতত আছে, হেলিকপ্তাৰ লৈ গোটেই অসম ঘুৰি তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাব পাৰিব। কিন্তু বিৰোধী দলসমূহৰ সিমান সুবিধা নাই। গতিকে বিৰোধী দলে সেই মতে প্ৰচাৰ চলোৱাত অসুবিধা পাব। নিৰ্বাচন আয়োগ যে বিজেপিৰ হাতৰ পুতলা হৈ পৰিছে সেইটো আজি পুনৰ প্ৰমাণ হ’ল বুলি গগৈ আৰু ভূঞাই মত প্ৰকাশ কৰে।












