
অৱশেষত বহু প্ৰতীক্ষাৰ অন্তত মঙলবাৰে ঘোষণা হয় অসম জাতীয় পৰিষদ (Asom Jatiya Parishad)ৰ প্ৰথমখন প্ৰাৰ্থী তালিকা (First candidate list)। প্ৰথম তালিকাত ৮ জন প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে। অসম জাতীয় পৰিষদৰ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়ত আয়োজিত সংবাদমেলত ঘোষণা কৰা প্ৰাৰ্থী তালিকা অনুসৰি
খোৱাং সমষ্টিত : লুৰীণজ্যোতি গগৈ
বঢ়মপুৰ সমষ্টিত : ৰাজেন গোঁহাই
সৰুপথাৰ সমষ্টিত : জীৱন চুতীয়া

ডিব্ৰুগড় সমষ্টিত : মৈনাক পাত্র
বজালী সমষ্টিত : দিলীপ বৰুৱা
বিন্নাকান্দি সমষ্টিত : ৰেজাউল কৰিম চৌধুৰী
মৰিগাঁৱ সমষ্টিত : বাণী দাস
পলাশবাৰী সমষ্টিত : পংকজলোচন গোস্বামীক প্ৰৰ্থিত্ব প্ৰদান কৰা হৈছে ৷
অৱশ্যে অসম জাতীয় পৰিষদে আজি ১০টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ কথা আছিল যদিও শদিয়া আৰু চেণ্ট্ৰেল গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থীৰ নাম কৰা নহ’ল৷













