
পিতৃ প্ৰদ্যুৎ বৰদলৈয়ে (Pradyut Bordoloi) বিজেপিত যোগদানৰ পিছত পুত্রই প্ৰত্যাহাৰ কৰিলে কংগ্ৰেছৰ টিকট। সাংসদ প্ৰদ্যুৎ বৰদলৈৰ পুত্র প্ৰতীক বৰদলৈক কংগ্ৰেছৰ পৰা প্ৰদান কৰিছিল মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰাৰ্থিত্ব। কিন্তু ৰাজ্যৰ ৰাজনীতিত তোলপাৰ লগাই মঙলবাৰে কংগ্ৰেছ ত্যাগ কৰাৰ পিছত বুধবাৰে নতুন দিল্লীত বিজেপিত যোগদান কৰে প্ৰদ্যুৎ বৰদলৈয়ে।

যাৰ ফলত কংগ্ৰেছৰ ৰাজনৈতিক প্ৰেক্ষাপট সলনি হৈ পৰে আৰু প্ৰদ্যুৎ বৰদলৈৰ পুত্র প্ৰতীক বৰদলৈৰ ৰাজনৈতিক ভৱিষ্যতক লৈ বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হয়। অৱশ্যে ইয়াৰ পিছতে দিল্লীলৈ গৈ প্ৰতীক বৰদলৈয়ে নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰে।
দিল্লীত কংগ্ৰেছ নেতা ডি কে শিৱকুমাৰ আৰু জিতেন্দ্ৰ সিঙক সাক্ষাৎ কৰি প্ৰতীক বৰদলৈয়ে নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ বিষয়ে জনায় আৰি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গলৈ পত্র প্ৰেৰণ কৰে।
প্ৰতীক বৰদলৈয়ে খাৰ্গেলৈ লিখা পত্ৰখনত লিখিছে :
শ্ৰদ্ধেয় খাৰ্গে ডাঙৰীয়া,
এই পত্ৰৰ জৰিয়তে, দলৰ প্ৰতি থকা মোৰ আনুগত্য আৰু গভীৰ শ্ৰদ্ধাক দ্বিধাহীনভাৱে আকৌ এবাৰ সৰোগত কৰিও মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ পৰা মোৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত আপোনাক অৱগত কৰিব বিচাৰিছোঁ।
মোৰ পিতৃৰ আন এটা ৰাজনৈতিক দলত যোগদান কৰা আৰু কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী দলৰ ফালৰ পৰা নিজে বিধানসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত লোৱাৰ পিছত মই অনুভৱ কৰোঁ যে মোৰ বাবে কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাটো উচিত নহ’ব।
মই বুজি উঠিছোঁ যে এই পৰিস্থিতিত দলৰ প্ৰাৰ্থী হিচাপে মাৰ্ঘেৰিটাৰ ভোটাৰ ৰাইজ আৰু অগণন নিষ্ঠাৱান কংগ্ৰেছ কৰ্মী, সকলোৰে মনত মোৰ দলীয় নিষ্ঠা সম্পৰ্কে এক খু-দুৱনিৰ উদ্ভৱ হ’বলৈ আৰম্ভ কৰিছে আৰু সেইটোকে মৰিষণ কৰিবৰ বাবে মই এই নিৰ্বাচনৰ পৰা নিজকে আতঁৰাই ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। নিৰ্বাচনৰ প্ৰাকক্ষণত মোৰ নিজা আনুগত্য, বিশ্বাস বা দলৰ স্থিতিৰ সন্দৰ্ভত ৰাইজৰ মনত যদি কোনো বিভ্ৰান্তিৰ সৃষ্টি হয় তেন্তে সেয়া অতি অন্যায় কৰা হ’ব।
সংগঠনটোৰ প্ৰতি আৰু কংগ্ৰেছ দলৰ মূল্যবোধৰ প্ৰতি থকা সন্মান জনাই মই এই সিদ্ধান্তত উপনীত হৈছোঁ।
দলৰ নেতৃত্বই মোৰ প্ৰতি ৰখা আস্থাৰ বাবে মই চিৰ কৃতজ্ঞ হৈ ৰ’ম।
আন্তৰিক শুভেচ্ছাৰে
প্ৰতীক বৰদলৈ













