
বৃহস্পতিবাৰে ঘোষণা কৰা হয় আগন্তুক বিধানসভা নিৰ্বাচনৰ (Election) বাবে বিজেপি (BJP)ৰ প্ৰথমখন প্ৰাৰ্থী তালিকাত। এই তালিকাত কেইবাটাও ব্যতিক্ৰম দেখা গৈছে। ইয়াৰ ভিতৰত বিজেপিত যোগদানৰ তিনিদিনতে প্ৰদ্যুৎ বৰদলৈৰ টিকট লাভৰ পৰা আৰম্ভ কৰি দলটোৰ জ্যেষ্ঠ নেতা, প্ৰাক্তন বিজেপি সভাপতি তথা প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই টিকট নোপোৱালৈকে আছে। বিজেপিয়ে প্ৰকাশ কৰা ৮৮ জনীয়া প্ৰাৰ্থী তালিকাত একাধিক নতুন মুখে স্থান পোৱাৰ বিপৰীতে ১৯ জনকৈ বিধায়কে এইবাৰ টিকট লাভ কৰা নাই।
এইবাৰ বিজেপিৰ পৰা টিকট বঞ্চিত বিধায়কসকল হৈছে
১. হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ
২. বোকাজান সমষ্টিৰ বিধায়ক নোমল মোমিন
৩. দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা
৪. পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া
৫. বিহপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় ভূঞা
৬. পূৰ্বৰ পূব গুৱাহাটী বৰ্তমানৰ নিউ গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য
৭. বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ
৮. বিজনী সমষ্টিৰ বিধায়ক অজয় কুমাৰ ৰায়
৯. ডিফু সমষ্টিৰ বিধায়ক বিদ্যাছিং ইংলেং

১০. হাফলং সমষ্টিৰ বিধায়ক নন্দিতা গাৰ্লোচা
১১. ভবানীপুৰ সমষ্টিৰ বিধায়ক ফণী তালুকদাৰ
১২. হাওৰাঘাট সমষ্টিৰ বিধায়ক দৰসিং ৰংহাং
১৩. হাজো-শুৱালকুছি (বৰ্তমান এছ চিৰ বাবে সংৰক্ষিত) সমষ্টিৰ বিধায়ক সুমন হৰিপ্ৰিয়া
১৪. শিলচৰ সমষ্টিৰ বিধায়ক দ্বৈপায়ন চক্ৰৱৰ্তী
১৫. ধলাই সমষ্টিৰ বিধায়ক নিহাৰ ৰঞ্জন দাস
১৫. উদাৰবন্দ সমষ্টিৰ বিধায়ক মিহিৰকান্তি সোম
১৭. বৈঠালাংচু সমষ্টিৰ বিধায়ক ৰূপছিং টেৰণ
১৮. বৰচলা সমষ্টিৰ বিধায়ক গণেশ লিম্বু
১৯. বিহালী (বৰ্তমান এছ চিৰ বাবে সংৰক্ষিত) সমষ্টিৰ বিধায়ক দিগন্ত ঘাটোৱাল
উল্লেখযোগ্য যে ইয়াৰ উপৰি তেৰছ গোৱালা আৰু যোগেন মহন ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ বাবে টিকট লাভ কৰা নাই।













