
পশ্চিমবংগত তৃণমূলৰ (Trinamool in West Bengal) ১৫ বছৰীয়া শাসনৰ বিৰুদ্ধে (Against the government) বিভিন্ন অভিযোগ উত্থাপন কৰি বিজেপিয়ে প্ৰকাশ (BJP reveals) কৰিছে ৩৫ পৃষ্ঠাৰ ‘চাৰ্জ শ্বীট’ (Charge sheet)। শনিবাৰে কলকাতাত গৃহমন্ত্ৰী অমিত শ্বাহে বিজেপিৰ ৰাজ্যিক সভাপতি সমিক ভট্টাচাৰ্য, কেন্দ্ৰীয় মন্ত্ৰী সুকান্ত মজুমদাৰ আৰু ৰাজ্যৰ বিৰোধী নেতা শুভেন্দু অধিকাৰীৰ উপস্থিতিত এই অভিযোগনামা প্ৰকাশ কৰে। মঞ্চত অমিত শ্বাহে ৰাষ্ট্ৰপতিক মমতা চৰকাৰে কৰা অপমানৰ কথা উল্লেখ কৰি অমিত শ্বাহে কয়, “আপোনালোকে আদিবাসী মহিলা ৰাষ্ট্ৰপতি এগৰাকীক কেনেদৰে অপমান কৰিব পাৰে? দেশৰ প্ৰধানমন্ত্ৰীক কেনেকৈ অপমান কৰিব পাৰে?”
আনহাতে, বিজেপিশাসিত ৰাজ্যত বঙালী লোকক হাৰাশাস্তি কৰা সন্দৰ্ভত অমিত শ্বাহে কয়, “বাংলাদেশৰ পৰা প্ৰৱেশ কৰাসকলেও বাংলা ভাষা কয়। এই ৰাজ্যৰ কোনেও চিন্তা কৰাৰ প্ৰয়োজন নাই। কিন্তু আমাৰ দৃঢ় সংকল্প হৈছে অনুপ্ৰৱেশকাৰীসকলক বিচাৰি উলিয়াই দেশৰ পৰা বহিষ্কাৰ কৰা।” ইফালে কৰ্মসংস্থাপন সন্দৰ্ভত তেওঁ কয়, ”ধন সৰবৰাহ, ছিণ্ডিকেট, দুৰ্নীতিৰ বাবে এই ৰাজ্যৰ উদ্যোগ অন্ধকাৰত আছে। সেইবাবেই ইয়াত চাকৰি নাই। অনুপ্ৰৱেশেই কম আয়, কম দৰমহা পোৱা চাকৰিৰো কাৰণ।”

অমিত শ্বাহে লগতে কয়, ”মহিলাৰ বিৰুদ্ধে অপৰাধ কৰিলে শাস্তি পাব। কোনে এই অপৰাধ সংঘটিত কৰিছে সেয়া চোৱা নাযাব। আমাৰ শাসন থকা সকলো ৰাজ্যতে আমি এই কথা দেখুৱাইছোঁ। বিজেপি চৰকাৰে এনে এক পৰিৱেশ সৃষ্টি কৰিব, য’ত মহিলাসকলে নিজৰ মনৰ কথা ক’ব পাৰিব।
আনহাতে, বংগৰ পৰা তৃণমূলক সম্পূৰ্ণৰূপে ওফৰাই পেলাবলৈ আহ্বান জনাই শ্বাহে কয়, ”১৫ বছৰত এটা ধন সৰবৰাহৰ ছিণ্ডিকেট গঠন কৰা হৈছে। দুৰ্নীতিগ্ৰস্ত তৃণমূল চৰকাৰ। মোৰ বিশ্বাস, বংগৰ জনসাধাৰণে পৰিৱৰ্তন বিচাৰে। গতিকে আমাক ভোট দিয়ক। তৃণমূল চৰকাৰক সম্পূৰ্ণৰূপে ওফৰাই পেলাওক।” তেওঁ লগতে কয়, ”আজি বঙালী কবিৰ সোণাৰ বাংলা আৰু নাই। মমতা বেনাৰ্জীৰ শাসনত বঙালীক পাতাললৈ প্ৰেৰণ কৰা হৈছে।”
অনুপ্ৰৱেশকাৰী সন্দৰ্ভত অমিত শ্বাহে কয়, “ইমান অনুপ্ৰৱেশকাৰী ৰাজ্যখনত প্ৰৱেশ কৰিছে, মমতাজীৰ চৰকাৰ শুই আছে নেকি? আপুনি হয়তো প্ৰশ্ন উত্থাপন কৰিব যে বি এছ এফে কি কৰি আছে? কিন্তু সীমান্তত বেৰ নিৰ্মাণ কৰিবলৈ দিলেহে বি এছ এফে কিবা এটা কৰিব পাৰিব। এই ৰাজ্যত বিজেপি চৰকাৰে ক্ষমতালৈ অহাৰ ১৫ দিনৰ ভিতৰত সীমান্তৰ বেৰৰ বাবে প্ৰয়োজনীয় মাটি কেন্দ্ৰক দিব।”










