
বেংগালুৰু (Bengaluru)ৰ এখন ব্যক্তিগত বিশ্ববিদ্যালয়ৰ শ্ৰেণীকোঠাৰ সন্মুখত এজন অধ্যাপকে (A Professor) এজন ছাত্ৰক ‘সন্ত্রাসবাদী’ বুলি অভিহিত (Student labelled as ‘terrorist’) কৰে৷ ইতিমধ্যে এই ঘটনাক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। জানিব পৰা মতে, ভৰ্তি শ্ৰেণীকোঠাত এজন মুছলমান ছাত্ৰক ‘সন্ত্রাসবাদী’ বুলি অভিহিত কৰি তেওঁ অপমানজনক মন্তব্য কৰিছিল। সেই অভিযোগক লৈ তেওঁ তীব্ৰ বিতৰ্কৰ সন্মুখীন হৈছে। ঘটনাটো পোহৰলৈ অহাৰ লগে লগে ছাত্ৰ-ছাত্ৰীৰ ক্ষোভৰ সূত্ৰপাত ঘটে।
ইতিমধ্যে অধ্যাপকগৰাকীক সাময়িকভাৱে নিলম্বন কৰা হৈছে। জানিব পৰা মতে, যোৱা ২৪ মাৰ্চত বেংগালুৰুৰ পেচ ইউনিভাৰ্চিটিত এই ঘটনা সংঘটিত হৈছিল। ইতিমধ্যে এই ঘটনাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত অধ্যাপক মূৰলীধৰ দেশপাণ্ডেয়ে এজন ছাত্ৰক কোৱা দেখা গৈছে, “তুমি এজন সন্ত্ৰাসবাদী, কি খাই আছা ? আজি শান্ত হৈ থাকিব বিচাৰিছিলো। লাজ নাই নেকি? তুমি একো কামৰ নহয়।”

জানিব পৰা মতে, শ্ৰেণীকোঠাত উপস্থিত থকা বাকী ছাত্ৰ-ছাত্ৰীসকলে গোপনে সমগ্ৰ ঘটনাটো ৰেকৰ্ডিং কৰিছিল। ভিডিঅ’টো প্ৰকাশ পোৱাৰ লগে লগে অধ্যাপকগৰাকীৰ এই মন্তব্যৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষোভৰ বিস্ফোৰণ ঘটে। ঘটনাৰ পিছতে কংগ্ৰেছৰ ছাত্ৰ সংগঠনৰ সদস্যসকলে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক সাক্ষাৎ কৰি অভিযুক্ত অধ্যাপকজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। পৰিস্থিতি উত্তপ্ত হোৱাৰ লগে লগে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰি অধ্যাপক দেশপাণ্ডেক নিলম্বন কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰে। বিশ্ববিদ্যালয়ৰ অধ্যক্ষ জৱাহৰ দোৰেস্বামীয়ে কয়, “প্ৰতিটো শ্ৰেণীকোঠাত চিচিটিভি আছে। আমি ইতিমধ্যে কাৰিকৰী দলটোক অৱগত কৰিছোঁ। ভিডিঅ’টোৰ সত্যতা পৰীক্ষা কৰি থকা হৈছে। অভিযুক্ত শিক্ষকজনক তৎক্ষণাত নিলম্বন কৰা হৈছে আৰু অনুশাসন সমিতিয়ে বিষয়টো চাব।”
এই ঘটনাক লৈ ছ’চিয়েল মিডিয়াত ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে। অধ্যাপকগৰাকীৰ এই মন্তব্যক বহুতে তীব্ৰ গৰিহণা দি তেওঁৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে।










