
বিভিন্ন জল্পনা-কল্পনা তথা চৰ্চাৰ অন্তত সোমবাৰৰ পৰা জুবিন গাৰ্গ হত্যা গোচৰ (Zubeen Garg murder case)ৰ শুনানি ফাষ্ট ট্ৰেক আদালত (Fast Track Court)ত আৰম্ভ হৈছে। ইয়াৰ ফলত এই আদালতত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ (Mysterious death case) শুনানি এতিয়াৰে প্ৰতিদিনে হ’ব। এই ফাষ্ট ট্ৰেক আদালতৰ শুনানিৰ প্ৰথমদিনা গোচৰীয়া পক্ষৰ হৈ শুনানিত অংশগ্ৰহণ কৰে চৰকাৰী অধিবক্তা জিয়াউৰ কামাৰ। আদালতত উপস্থিত থাকে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গো। প্ৰথম দিনৰ শুনানি সন্দৰ্ভত চৰকাৰী অধিবক্তা জিয়াউৰ কামাৰে কয় যে প্ৰথমতে অমৃতপ্ৰভা মহন্তৰ অধিবক্তাই নিজৰ পক্ষত আদালতত যুক্তি দাঙি ধৰে। আনহাতে মঙলবাৰে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই যুক্তি দাঙি ধৰিব। তেওঁলোকৰ অধিবক্তাৰ যুক্তি শেষ হোৱাৰ পিছত চৰকাৰী অধিবক্তাই আদালতত যুক্তি দাঙি ধৰিব।

ইফালে জুবিন গাৰ্গৰ দেহৰক্ষী নন্দেশ্বৰ বৰাৰো জব্দকৃত মোবাইল বিচাৰি তেওঁৰ অধিবক্তাই আদালতত কৰা আবেদন খাৰিজ কৰে। আনহাতে, জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে ইয়াৰ দ্বাৰা গোচৰটোৰ সমাধান ক্ষিপ্ৰতাৰে হ’ব বুলি আশা প্ৰকাশ কৰে। উল্লেখ্য যে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ নেতৃত্বত এই ফাষ্ট ট্ৰেক আদালতত সোমবাৰৰ পৰা দৈনিক জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি গ্ৰহণ কৰা হ’ব। অসম চৰকাৰৰ আহ্বানত গুৱাহাটী উচ্চ ন্যায়ালয়ে বাক্সা জিলাৰ জিলা আৰু সত্ৰ ন্যায়াধীশ শৰ্মিলা ভূঞাক ফাষ্ট ট্ৰেক আদালতৰ বাবে মনোনীত কৰে আৰু ২৬ মাৰ্চত তেওঁক ফাষ্ট ট্ৰেক আদালতৰ বাবে বাক্সাৰ পৰা গুৱাহাটীলৈ বদলিৰ নিৰ্দেশ দিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ে।













