ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Assam Election 2026 : জয়ী হ’লে অসমত আনিব ‘ইউনিফৰ্ম চিভিল কোড’, বন্ধ কৰিব ‘লাভ জেহাদ’; বিজেপিৰ ইস্তাহাৰত প্ৰতিশ্ৰুতি

নিউজ ডেস্কঃ

News Desk by News Desk
March 31, 2026
Reading Time: 1 min read
A A
0
Assam Election 2026 : জয়ী হ’লে অসমত আনিব ‘ইউনিফৰ্ম চিভিল কোড’, বন্ধ কৰিব ‘লাভ জেহাদ’; বিজেপিৰ ইস্তাহাৰত প্ৰতিশ্ৰুতি

New Logo Smal 4 | ASSAM TIMES POST

RELATED POSTS

Rain alert I অৰুণাচল-নাগালেণ্ডত পুনৰ ধাৰাসাৰ বৰষুণৰ আগজাননী, প্ৰশাসনৰ সতৰ্কবাণী

Assam Crash I Speeding Truck Hits Stationary Vehicle on NH-27 — 2 Dead

Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief

প্রতিষ্ঠানবিৰোধী ঢৌ বন্ধ কৰিবলৈ বিজেপিয়ে অসমত সম্ভাৱ্য ভোট পৰিবর্তক হিচাপে ‘হিন্দুত্ব’ৰ (‘Hindutva’) আশ্ৰয় লৈছে৷ মঙলবাৰে বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰ (BJP’s election manifesto) প্ৰকাশ কৰিছে। পুনৰ নিৰ্বাচনত জয়ী হৈ ক্ষমতালৈ আহিলে ৩১টা প্ৰতিশ্ৰুতি পূৰণ কৰাৰ আশ্বাস দিছে গেৰুৱা দলটোৱে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল তিনি মাহৰ ভিতৰত ‘ইউনিফৰ্ম চিভিল কোড’ (Uniform Civil Code) বা অভিন্ন দেৱানী বিধি কাৰ্যকৰী কৰা আৰু ‘লাভ জেহাদ’ (Love Jihad) আৰু ‘লেণ্ড জেহাদ’ বন্ধ কৰিবলৈ ফলপ্ৰসূ আইন প্ৰণয়ন কৰা। মঙলবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বিজেপিৰ এই ‘সংকল্প পত্ৰ’ (Sankalpo Patra) বাজপেয়ী ভৱনত মুকলি কৰা হয়।

ইস্তাহাৰত গেৰুৱা দলটোৰ প্ৰতিশ্ৰুতি যে ‘ইউনিফৰ্ম চিভিল কোড’ কাৰ্যকৰী কৰি বিজেপিয়ে অসমৰ জনসাধাৰণৰ সভ্যতা, পৰম্পৰা আৰু অধিকাৰ সুৰক্ষিত কৰাৰ বাবে আইনী সুৰক্ষা শক্তিশালী কৰিব। কিন্তু জাতি-জনগোষ্ঠীৰ অধিকাৰ সুনিশ্চিত কৰিবলৈ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত অঞ্চল আৰু জনজাতীয় অধীনস্থ অঞ্চলসমূহ এই নিয়মৰ পৰিসৰৰ পৰা ৰেহাই দিয়া হ’ব। তদুপৰি অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত আৰু বিতাড়নৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰাৰ বাবে ‘প্ৰব্ৰজনকাৰী (অসমৰ পৰা বহিষ্কাৰ) আইন, ১৯৫০’ কাৰ্যকৰী কৰি ৰাজ্যৰ আদিবাসীসকলৰ ভূমি, ঐতিহ্য আৰু মৰ্যাদা ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিছে বিজেপিয়ে। ‘মিছন বসুন্ধৰা’ আঁচনিৰ অধীনত অবৈধ অনুপ্ৰৱেশকাৰীক মুক্ত কৰি প্ৰতি ইঞ্চি মাটি পুনৰ উদ্ধাৰ কৰাৰ লগতে অসমৰ সকলো প্ৰকৃত নাগৰিকক ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে।

বিজেপিয়ে যদি একেৰাহে তৃতীয়বাৰৰ বাবে ক্ষমতালৈ ঘূৰি আহে তেন্তে অবৈধভাৱে দখল কৰা সত্ৰ, নমাঘৰ, দেৱালয় আৰু অন্যান্য পূজাস্থলীৰ ভূমি পুনৰ দখল কৰিব বুলি আশ্বাস দিছে।

bjp1 | ASSAM TIMES POST
জয়ী হ’লে অসমত আনিব ‘ইউনিফৰ্ম চিভিল কোড’, বন্ধ কৰিব ‘লাভ জেহাদ’; বিজেপিৰ ইস্তাহাৰত প্ৰতিশ্ৰুতি

নির্বাচনী ইস্তাহাৰত প্রকল্পসমূহৰ সময়মতে ৰূপায়ণ সুনিশ্চিত কৰাৰ লগতে অসমক ভাৰতৰ ‘পূর্বদ্বাৰ’ হিচাপে প্রতিষ্ঠা কৰাৰ বাবে ৫ লাখ কোটি টকা বিনিয়োগ কৰাৰ প্রতিশ্রুতি দিয়া হৈছে৷ এই পদক্ষেপ ‘অসম গতি শক্তি মাষ্টাৰ প্লেন’ৰ সহায়ত ৰূপায়ণ কৰা হ’ব।

ৰাজ্যখনক বানমুক্ত কৰাৰ বাবে ১৮ হাজাৰ কোটিৰো অধিক বিনিয়োগেৰে ‘বানমুক্ত অসম অভিযান’ আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতিও দিছে বিজেপিয়ে। তদুপৰি বিজেপি পুনৰ ক্ষমতালৈ আহিলে আগন্তুক পাঁচ বছৰত দুই লাখ চৰকাৰী চাকৰিৰ ব্যৱস্থা কৰাৰ লগতে বিভিন্ন আঁচনিৰ জৰিয়তে উদ্যোগীসকলৰ বাবে অধিক সুযোগৰ সৃষ্টি কৰিব।

ৰাজ্যৰ প্ৰতিখন জিলাতে এখন বিশ্ববিদ্যালয় আৰু অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপনৰ প্ৰতিশ্ৰুতিও দিছে বিজেপিয়ে। বিজেপিয়ে ‘অৰুণোদয়’ আঁচনিৰ অধীনত মহিলাৰ বাবে মাহেকীয়া প্ৰত্যক্ষ বেংক ট্ৰেন্সফাৰ ৩ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ কথাও প্ৰকাশ কৰিছে। লগতে কয় যে ইয়াৰ লক্ষ্য হৈছে ৪০ লাখ ‘লাখপতি বাইদেউ’ সৃষ্টি কৰা, যিটো অসম চৰকাৰৰ এক ধ্বজাবাহী পদক্ষেপ আৰু মহিলাসকলক বিশেষকৈ আত্মসহায়ক গোটৰ সৈতে জড়িত মহিলাসকলক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি তোলাৰ লক্ষ্যৰে লোৱা হৈছে।
আগন্তুক পাঁচ বছৰত চাহ বাগিচাৰ শ্ৰমিকৰ দৈনিক মজুৰি ৫০০ টকালৈ বৃদ্ধি কৰা হ’ব বুলি মন্তব্য কৰিছে বিজেপিয়ে। চাহ বাগিচাৰ শ্ৰমিকসকলেও এটাকৈ ঘৰ পাব।
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে নিৰ্বাচনী ইস্তাহাৰখন “ৰাজ্যখনৰ দশকজোৰা পৰিৱৰ্তনৰ অভিজ্ঞতাৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে- যিটো কংগ্ৰেছে ৬০ বছৰতো লাভ কৰিব পৰা নাছিল”।
ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিৰ নিৰ্বাচন অহা ৯ এপ্ৰিলত আৰু ৪ মে’ত ভোটগণনা অনুষ্ঠিত হ’ব।

Tags: BJPmanifesto
Share4Tweet3Send

Related Posts

Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
Assam

Rain alert I অৰুণাচল-নাগালেণ্ডত পুনৰ ধাৰাসাৰ বৰষুণৰ আগজাননী, প্ৰশাসনৰ সতৰ্কবাণী

by Staff Reporter
July 30, 2026
50
Assam Crash I Speeding Truck Hits Stationary Vehicle on NH-27 — 2 Dead
Assam

Assam Crash I Speeding Truck Hits Stationary Vehicle on NH-27 — 2 Dead

by Staff Reporter
July 30, 2026
50
Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief
Assam

Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief

by News Desk
July 29, 2026
50
Assam Flood Relief Update : Rs 5 Lakh for Deaths, Rs 15,000 to Families
Assam

Assam Flood Relief Update : Rs 5 Lakh for Deaths, Rs 15,000 to Families

by News Desk
July 29, 2026
50
Assam CM Hails Tiger Conservation Success on International Tiger Day
Assam

Assam CM Hails Tiger Conservation Success on International Tiger Day

by Staff Reporter
July 29, 2026
50
Assam Assembly Approves Six Bills; Key Satellite City Bill Dominates
Assam

Assam Assembly Approves Six Bills; Key Satellite City Bill Dominates

by News Desk
July 28, 2026
50
ADVERTISEMENT
One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন
KARBI ANGLONG

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

July 30, 2026
50
Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি
Dima Hasao

Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

July 30, 2026
50
Pallet gun controversy I পেলেট গান কেৱল ব্যতিক্ৰমী পৰিস্থিতিতহে ব্যৱহাৰ কৰিব পাৰি, উচ্চতম ন্যায়ালয়
National-International

Pallet gun controversy I পেলেট গান কেৱল ব্যতিক্ৰমী পৰিস্থিতিতহে ব্যৱহাৰ কৰিব পাৰি, উচ্চতম ন্যায়ালয়

July 30, 2026
50
Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ
National-International

Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ

July 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

July 30, 2026
Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

July 30, 2026
Pallet gun controversy I পেলেট গান কেৱল ব্যতিক্ৰমী পৰিস্থিতিতহে ব্যৱহাৰ কৰিব পাৰি, উচ্চতম ন্যায়ালয়

Pallet gun controversy I পেলেট গান কেৱল ব্যতিক্ৰমী পৰিস্থিতিতহে ব্যৱহাৰ কৰিব পাৰি, উচ্চতম ন্যায়ালয়

July 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx