ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা

জিতেন বৰকটকী:নগাঁও

News Desk by News Desk
April 20, 2026
Reading Time: 1 min read
A A
0
Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Rain alert I অৰুণাচল-নাগালেণ্ডত পুনৰ ধাৰাসাৰ বৰষুণৰ আগজাননী, প্ৰশাসনৰ সতৰ্কবাণী

Assam Crash I Speeding Truck Hits Stationary Vehicle on NH-27 — 2 Dead

Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief

সুদীৰ্ঘ প্ৰায় আঠ বছৰৰ অন্তত সমগ্ৰ দেশ জোকাৰি যোৱা অভি- নীলৰ হত্যাকাণ্ড (Abhi-Neel Murder)ৰ আজি নগাঁৱৰ আদালতে (Nagaon Court) চুড়ান্ত ৰায়দান  কৰে। নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতত ৭ বছৰৰো অধিক কাল চলা বিচাৰ প্ৰক্ৰিয়াৰ অন্তত আদালতে বহু প্ৰতিক্ষীত এই নৃশংস হত্যাকাণ্ডৰ গোচৰৰ ৰায়দান প্ৰদান কৰে। আদালতে আজি এই হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত ২০ জন অভিযুক্তক দোষী সাব্যস্ত কৰাৰ বিপৰীতে ২৫ জনক দোষমুক্ত ঘোষণা কৰে।

এই হত্যাকাণ্ডৰ লগত মুঠ ৪৮ জন অভিযুক্তৰ নাম সাঙুৰ খাইছিল যদিও তিনিজনক আদালতে জুবেইনাল হিচাপে ঘোষণা কৰিছিল। মুঠ ৪৫ জন অভিযুক্তৰ বিৰুদ্ধে নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতত এই গোচৰ চলি আছিল। আদালতে এই গোচৰত ৭১ গৰাকী লোকৰ সাক্ষ্য গ্ৰহণ কৰিছিল। বিভিন্ন কাৰণত এই বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাত ভুক্তভোগীৰ পৰিয়াল, নীল-অভিৰ সমৰ্থক সকল হতাশ হৈছিল যদিও তেওঁলোকে ন্যায়ালয়ৰ ওপৰত আস্থা ৰাখিছিল। শেহতীয়াকৈ প্ৰায় দুমাহ ধৰি এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ হোৱাৰ পিছত আজি আদালতে এই ৰায় ঘোষণা কৰে।

দোষী সাব্যস্ত হোৱা সকলৰ বিৰুদ্ধে ২৪ এপ্ৰিলত শাস্তি আদালতে ঘোষণা কৰিব বুলি জানিব পৰা গৈছে। আজি আদালতে দোষী সাব্যস্ত কৰা ২০ গৰাকী হ’ল বিশ্বৰাম স্বৰ্গীয়াৰী ,এলফাজজ টিমুং, পানথেং বসুমতাৰী, ইনছেন ইংতি, ৰাইকম টিমুং, ৰত্নেশ্বৰ টেৰাং, ফুকন লেকটে, এনছ টিমুং, প্ৰেছ টিমুং , ৰূপসিং ক্ৰ, ধন মেচ, বাবুসিং ক্ৰ, বিক্ৰম হানচে, চিকাৰী ৰংপী, বাবু ৰংপী, বিদ্যাসিং ৰংপী, মেনসিং ক্ৰ, দিপজ্যোতি বসুমতাৰী, ওৱাৰেশ ৰংপী আৰু ওন্দা মেচ । এই দোষী সাব্যস্ত হোৱা সকলৰ বিৰুদ্ধে ১৪৩,১৪৭,৩০২/১৪৯,১৮৬/১৪৯,আৰু ৩৩২/১৪৯ ধাৰা সন্নিবিষ্ট হৈছে।

nil Avi | ASSAM TIMES POST
অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, : ২৪ এপ্ৰিলত শাস্তি ঘোষণা কৰিব, ২০ জনক দোষী সাব্যস্ত ,২৫ জনক দোষমুক্ত ঘোষণা

উল্লেখ যে ২০১৮ চনৰ ৮ জুনত কাৰ্বিআংলং জিলাৰ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত পানজুৰি গাঁৱত এদল উন্মত্ত লোকে মৰিয়াই মৰিয়াই অতি নৃশংসভাবে গুৱাহাটীৰ দুই প্ৰকৃতিপ্ৰেমী যুৱক অভিজিত নাথ আৰু নিলোৎপল দাসক হত্যা কৰিছিল। সেইদিনা এই প্ৰকৃতিপ্ৰেমী দুই যুৱক পানজুৰি গাঁৱৰ নাতিদুৰৈৰ কাৰ্বি পাহাৰৰ নৈসৰ্গিক শোভা উপভোগৰ বাবে আহিছিল। নৈসৰ্গিক শোভা উপভোগ কৰি গুৱাহাটীলৈ ওভতাৰ পথত সোপাধৰাৰ সন্দেহত সেইদিনা সন্ধিয়া পানজুৰি গাঁৱৰ এদল উদন্ত লোকে প্ৰকৃতিপ্ৰেমী তেজাল যুৱক দুজনৰ ওপৰত জপিয়াই পৰে। এই দুই যুৱকে নিজকে অসমীয়া বুলি পৰিচয় দিয়াৰ পিছতো দলটোৱে তেওঁলোকক ৰেহাই দিয়া নাছিল। ফলত দুই যুৱকে নৃশংসতাৰ বলি হৈ কৰুণ মৃত্যুক সাবতি লয়।

অভি- নীলৰ এই নিৰ্মম হত্যাকাণ্ডৰ সমগ্ৰ ঘটনা সামাজিক মাধ্যমত বিয়পি পৰাৰ পিছত ৰাজ্যখনৰ লগতে দেশ- বিদেশৰ বিভিন্ন স্থানত ইয়াৰ প্ৰতিবাদ হৈছিল। লগতে এই ঘটনাৰ লগত জড়িত দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন হৈছিল। অসমৰ উজনি- নামণি সৰ্বত্ৰ অভি- নীলক ন্যায় প্ৰদানৰ বাবে ৰাজপথ কপাই তুলিছিল ৰাইজে। পৰৱৰ্তী সময়ত ডকমকা আৰক্ষী থানাই এই সন্দৰ্ভত ৫৩(এন)/১৮ নম্বৰৰ এক গোচৰ ৰুজু কৰি তদন্ত ক্ষীপ্ৰতৰ কৰি তুলি ৪৮ লোকক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল।

উক্ত ৪৮ জন অভিযুক্তৰ ভিতৰত প্ৰথম অৱস্থাত এজন আৰু পৰৱৰ্তী সময়ত আন দুজন নাবালক বুলি প্ৰমাণিত হোৱাত তেওঁলোকৰ বিচাৰ প্ৰক্ৰিয়া জুবেইনাল আদালতলৈ স্থানান্তৰ কৰা হয়। তেতিয়াৰ পৰা নগাঁও আদালতত ৪৫ জন অভিযুক্তৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া চলি আছিল। অৱশ্যে প্ৰথমতে এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ডিফু আদালতত চলিছিল যদিও পিছত নগাঁও আদালতত ইয়াৰ বিচাৰ চলে। অভিযুক্ত সকল নগাঁও কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ আছিল। প্ৰায় ৮ বছৰ ধৰি চলা বিচাৰ প্ৰক্ৰিয়াত বাদী- বিবাদী পক্ষৰ অধিবক্তাৰ যুক্তি তৰ্ক ,সাক্ষীৰ সাক্ষ্যগ্ৰহণ আৰু শুনানীৰ অন্তত আজি নগাঁও জিলা সত্ৰ ন্যায়াধীশ দি,জে মহন্তই গোচৰটোৰ চুড়ান্ত ৰায়দান ঘোষণা কৰে।

আদালতৰ ৰায়ৰ বাবে আদালত চৌহদত আগ্ৰহৰে বাট চাই থকা অভি- নীলৰ পিতৃ ক্ৰমে অজিত নাথ আৰু গোপাল চন্দ্ৰ দাসে ৰায় ঘোষণা কৰাৰ পিছত সংবাদ মাধ্যমৰ আগত কয় যে, আদালতৰ এই ৰায়ৰ ওপৰত তেওঁলোক সম্পূৰ্ণ সুখী নহয়। আদালতে আধাতকৈ বেছি অভিযুক্তক দোষমুক্ত ঘোষণা কৰিছে। আমি বিচাৰো সকলো অভিযুক্তই দৃষ্টান্তমূলক শাস্তি পাওক। আধাতকৈ বেছি অভিযুক্ত দোষী হোৱাহেতেন আমি সুখী হলোহেতেন। পৰোক্ষ সাক্ষীৰ বাবে এইসকল সাৰি গল।

এতিয়া দোষী ২০ জনৰ ভিতৰত ৩০২ ধাৰাত দোষী সাব্যস্ত হোৱা সকলক দৃষ্টান্তমুলক শাস্তি হিচাপে ফাচি দিব লাগে বুলি তেওঁলোকে মন্তব্য কৰে। তেতিয়া আমাৰ পৰিয়ালে আদালতক ধন্যবাদ জনাম। তেওঁলোকে লগতে কয় যে ২৫ জন দোষমুক্ত হোৱা বিষয়টো আমি গভীৰভাবে পৰ্যালোচনা কৰি পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হব। উচ্চ ন্যায়ালয়ৰ কাষ চপাৰো তেওঁলোকে ইংগিত দিয়ে। আজি ৰায়দানৰ সময়ত চৰকাৰী পক্ষৰ অধিবক্তা জিয়াউল কামাৰ আৰু আচামী পক্ষৰ অধিবক্তা মানস শৰণীয়া উপস্থিত থাকি ৰায়টোৰ সন্দৰ্ভত নিজৰ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

Tags: Abhi-NeelMurderCase
Share4Tweet3Send

Related Posts

Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
Assam

Rain alert I অৰুণাচল-নাগালেণ্ডত পুনৰ ধাৰাসাৰ বৰষুণৰ আগজাননী, প্ৰশাসনৰ সতৰ্কবাণী

by Staff Reporter
July 30, 2026
50
Assam Crash I Speeding Truck Hits Stationary Vehicle on NH-27 — 2 Dead
Assam

Assam Crash I Speeding Truck Hits Stationary Vehicle on NH-27 — 2 Dead

by Staff Reporter
July 30, 2026
50
Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief
Assam

Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief

by News Desk
July 29, 2026
50
Assam Flood Relief Update : Rs 5 Lakh for Deaths, Rs 15,000 to Families
Assam

Assam Flood Relief Update : Rs 5 Lakh for Deaths, Rs 15,000 to Families

by News Desk
July 29, 2026
50
Assam CM Hails Tiger Conservation Success on International Tiger Day
Assam

Assam CM Hails Tiger Conservation Success on International Tiger Day

by Staff Reporter
July 29, 2026
50
Assam Assembly Approves Six Bills; Key Satellite City Bill Dominates
Assam

Assam Assembly Approves Six Bills; Key Satellite City Bill Dominates

by News Desk
July 28, 2026
50
ADVERTISEMENT
One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন
KARBI ANGLONG

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

July 30, 2026
50
Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি
Dima Hasao

Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

July 30, 2026
50
Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ
National-International

Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ

July 30, 2026
50
Ethanol mixed petrol : ২২-৩০% ইথানল মিহলি পেট্ৰ’লৰ আবকাৰী শুল্ক ৰেহাই দিলে কেন্দ্ৰই
National-International

E20 Petrol I  ই-২০ পেট্ৰ’লে গাড়ীৰ ইঞ্জিনৰ কোনো ক্ষতি নকৰে, সংসদত গাডকাৰী

July 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

July 30, 2026
Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

July 30, 2026
Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ

Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ

July 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx