
কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে সংসদত পুনৰ ২০ শতাংশ ইথানল মিশ্ৰিত পেট্ৰ’ল (E20) ব্যৱহাৰৰ পোষকতা কৰিছে। এক লিখিত বক্তব্যৰ জৰিয়তে তেওঁ দাবী কৰে যে ২০২৫ চনৰ ডিচেম্বৰৰ ভিতৰত ২০ শতাংশ ইথানল মিশ্ৰিত পেট্ৰ’লৰ ব্যৱহাৰ আৰম্ভ কৰাৰ ৰোডমেপ বৈজ্ঞানিক গৱেষণা, পৰীক্ষা-নিৰীক্ষা আৰু অটোমোবাইল নিৰ্মাতা আৰু তেল কোম্পানীসমূহৰ সৈতে হোৱা পৰামৰ্শৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে।

উল্লেখযোগ্য যে যোৱা ৩০ জুনত কেন্দ্ৰীয় চৰকাৰে নিজেই উচ্চতম ন্যায়ালয়ক জনাইছিল যে ই-২০ ব্যৱহাৰৰ সামগ্ৰিক ফলাফল (পৰিৱেশ আৰু গাড়ীৰ ইঞ্জিন আদিৰ ওপৰত প্ৰভাৱ) এতিয়াও জানিব পৰা হোৱা নাই। কিন্তু বুধবাৰে লোকসভাত এক লিখিত বিবৃতিত গাডকাৰীয়ে কয় যে ই-২০ পেট্ৰ’লে বাহনৰ ইঞ্জিনৰ ক্ষতি কৰে বা ইন্ধনৰ কাৰ্যক্ষমতা যথেষ্ট হ্ৰাস কৰে বুলি কোৱা কথাটো সমৰ্থন কৰিব পৰা কোনো বৈজ্ঞানিক প্ৰমাণ নাই।
বহু বছৰৰ পৰীক্ষামূলক আৰু উদ্যোগ বিশেষজ্ঞৰ সৈতে আলোচনাৰ অন্তত এই ইথানল মিশ্ৰিত ইন্ধন প্ৰৱৰ্তন কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ই-২০ পেট্ৰ’ল ব্যৱহাৰ কৰিলে বাহনৰ ইঞ্জিনৰ ক্ষতি হ’ব বুলি ভুৱা খবৰ বিয়পি পৰিছে। অৱশ্যে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীগৰাকীয়ে এক বিবৃতিত স্বীকাৰ কৰে যে ২০ শতাংশ ইথানল মিশ্ৰিত পেট্ৰ’লৰ ব্যৱহাৰে যান-বাহনৰ মাইলেজ হ্ৰাস কৰিব পাৰে।
কোৱা হৈছে যে ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড (আই অ’ চি এল), ইণ্ডিয়ান ইনষ্টিটিউট অৱ পেট্ৰলিয়াম (আই আই পি), ছ’চাইটি অৱ ইণ্ডিয়ান অটোম’বাইল মেনুফেকচাৰ্ছ (ছিয়াম) আৰু অটোমোটিভ ৰিচাৰ্চ এছ’চিয়েশ্যন অৱ ইণ্ডিয়াই (এ আৰ আই) যৌথভাৱে কেইবাবছৰ ধৰি ই-২০ৰ দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ ওপৰত প্ৰভাৱৰ মূল্যায়ন কৰি আহিছে। উল্লেখযোগ্য যে দিল্লী টেক্সি এণ্ড টুৰিষ্ট ট্ৰেন্সপ’ৰ্ট এণ্ড ট্যুৰ অপাৰেটৰ এছ’চিয়েশ্যনে ৪ আগষ্টত ইথানল মিহলি কৰা ইন্ধন নীতিৰ বিৰুদ্ধে সংসদ অভিযানৰ আহ্বান জনাইছে।
পেট্ৰ’লত ইথানল মিহলি কৰাৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত ই-২০ জনতা পাৰ্টি নামৰ এটা নতুন সংগঠনৰ সৃষ্টি হৈছে। ২০ শতাংশ ইথানল মিহলি কৰা পেট্ৰ’লৰ পৰিৱৰ্তে ১০০ শতাংশ পেট্ৰ’লযুক্ত ইন্ধন বাছি লোৱাৰ সুযোগ দেশবাসীক দিবলৈ দাবী জনাইছে। এই প্ৰেক্ষাপটতে বুধবাৰে লোকসভাত গাডকাৰীৰ এই বক্তব্য।












