
মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিবলগীয়া ৰাজস্থানৰ এটা তেল শোধনাগাৰত অগ্নিকাণ্ড (Rajasthan Fire) সংঘটিত হয়। সমগ্ৰ অঞ্চলটো ক’লা ধোঁৱাই আৱৰি ধৰে। স্থানীয় ৰাইজৰ মাজত আতংক বিয়পি পৰে। জানিব পৰা মতে, সোমবাৰে পুৱা ৰাজস্থানৰ বালোতৰাৰ পঞ্চপাদ্ৰাৰ তেল শোধনাগাৰত অগ্নিকাণ্ড সংঘটিত হয়।

এই শোধনাগাৰটো ৰাজস্থান চৰকাৰ আৰু হিন্দুস্তান পেট্ৰ’লিয়াম কৰ্পৰেচন লিমিটেডৰ (এইচ পি চি এল) দ্বাৰা যৌথভাৱে পৰিচালিত। ই দেশৰ প্ৰথমটো গ্ৰীণফিল্ড ৰিফাইনেৰী-কাম-পেট্ৰ’কেমিকেল কমপ্লেক্স। কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে ২০১৩ চনৰ ২২ ছেপ্টেম্বৰত এই শোধনাগাৰৰ আধাৰশিলা স্থাপন কৰিছিল। সেই সময়ত ৰাজ্যত কংগ্ৰেছ চৰকাৰৰ ক্ষমতা আছিল।
অশোক গেহলট আছিল মুখ্যমন্ত্ৰী। সূত্ৰ অনুসৰি, এই শোধনাগাৰ নিৰ্মাণৰ বাবে প্ৰায় ৩৭,২৩০ কোটি টকা আবণ্টন দিয়া হৈছিল। কিন্তু ২০১৮ চনত যেতিয়া ৰাজস্থানত চৰকাৰ সলনি হয়, তেতিয়া মোদীয়ে পুনৰ প্ৰকল্পটো শুভাৰম্ভ কৰে। পিছত এই আবণ্টন ৪৩,১২৯ কোটিলৈ বৃদ্ধি কৰা হয়।
শোধনাগাৰটো নিৰ্মাণ কৰাৰ পিছত মঙলবাৰে প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰাৰ কথা আছিল। কিন্তু তাৰ পূৰ্বেই এটা দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে, ক্ৰুড ডিষ্টিলেচন ইউনিটত (চি ডি ইউ) অগ্নিকাণ্ড সংঘটিত হয়। স্থানীয় প্ৰশাসনৰ সূত্ৰ অনুসৰি, এই ঘটনাত কোনো লোক আহত হোৱা নাই।
প্ৰথমতে জুইৰ উৎস ক্ৰুড ডিষ্টিলেচন ইউনিট বুলি ধাৰণা কৰা হৈছে। জুই কেনেদৰে আৰম্ভ হ’ল তাৰ তদন্ত চলি আছে। এই ঘটনাৰ পিছত প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী পিছুৱাই দিয়া হ’ব নেকি সেয়া অৱশ্যে এতিয়াও স্পষ্ট হোৱা নাই।












