ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Rape and murder : আমোলাৰ কন্যাক ধৰ্ষণ কৰি হত্যা পৰিচাৰকৰ

নিউজ ডেস্কঃ

News Desk by News Desk
April 23, 2026
Reading Time: 1 min read
A A
0
Rape and murder : আমোলাৰ কন্যাক ধৰ্ষণ কৰি হত্যা পৰিচাৰকৰ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

Punjab election : হাত শিবিৰৰ ঐক্য : পঞ্জাৱ দখলৰ প্ৰস্তুতি কংগ্ৰেছৰ

বুধবাৰে পুৱা ৮ বজাত দিল্লী (Delhi)ৰ ভিভিআইপি এলেকাৰ এটা ঘৰৰ পৰা উদ্ধাৰ হয় এজন আমোলাৰ কন্যাৰ মৃতদেহ (Girl’s dead body)। তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ হয় তেওঁৰ মৃতদেহ। আমোলাগৰাকীৰ প্ৰাক্তন পৰিচাৰকজনৰ বিৰুদ্ধে (Against the former caretaker) ধৰ্ষণ আৰু হত্যাৰ অভিযোগ (Rape and murder)। এই ঘটনাই স্তম্ভিত কৰি তুলিছে সমগ্ৰ দিল্লীক। একে সময়তে কটকটীয়া সুৰক্ষাৰে বেষ্টিত বাসগৃহটোত তেওঁ কেনেকৈ প্ৰৱেশ কৰি এনে অপৰাধ সংঘটিত কৰিবলৈ সক্ষম হ’ল, সেই লৈও প্ৰশ্ন উত্থাপন হৈছে।

আৰক্ষীয়ে জনোৱা মতে, আমোলাজন আৰু তেওঁৰ পত্নীয়ে প্ৰাতঃভ্ৰমণ আৰু জিমলৈ গৈছিল। পুৱা তেওঁলোক ওলাই যোৱাৰ লগে লগে পৰিচাৰকজন আমোলাজনৰ ঘৰত প্ৰৱেশ কৰে। সেই সময়ত তেওঁৰ কন্যা ঘৰত অকলে আছিল। বুধবাৰে পুৱা ৬.৪০ বজাত কৈলাস পাহাৰ অঞ্চলত অভিযুক্ত পৰিচাৰকজনক দেখা যায়। পুৱা ৬.৪৯ বজাত তেওঁক আমোলাজনৰ ঘৰত প্ৰৱেশ কৰা দেখা গৈছিল। ৪০ মিনিট তেওঁ ঘৰৰ ভিতৰতে আছিল। প্ৰথমে তেওঁ আমোলাজনৰ কন্যাক ধৰ্ষণ কৰে। তাৰ পিছত গধুৰ বস্তুৰে মূৰত আঘাত কৰাৰ পিছত ডিঙি চেপি হত্যা কৰে। লগতে আলমাৰীৰ পৰা ২.৫ লাখ টকা লুট কৰে। ইয়াৰ পিছত কাপোৰ সলাই তেওঁ আমোলাজনৰ ঘৰৰ পৰা ওলাই যায়।

তদন্তকাৰীয়ে জানিব পাৰিছে যে অভিযুক্তই আমোলাজনৰ ঘৰত আঠ মাহ ধৰি কাম কৰিছিল। ডেৰ মাহ পূৰ্বে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল। এজন কনিষ্ঠ বিষয়াৰ পৰামৰ্শ মতে অভিযুক্তক নিযুক্তি দিয়া হৈছিল। কিন্তু পিছত গম পোৱা যায় যে অভিযুক্ত জুৱাৰ প্ৰতি আসক্ত। আগতে ঋণ লৈ জুৱা খেলিছিল। ইয়াৰ পিছত তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়।

delhi 1 | ASSAM TIMES POST
দিল্লীত আমোলাৰ কন্যাক ধৰ্ষণ কৰি হত্যা পৰিচাৰকৰ

আৰক্ষীয়ে জনোৱা মতে, আঠ মাহৰ কাম কৰাৰ বাবে অভিযুক্তই আমোলাজনৰ ঘৰৰ সবিশেষ জানিছিল। ফলত তেওঁৰ ঘৰত প্ৰৱেশ কৰাটো অতি সহজ হৈ পৰে। কেৱল সেয়াই নহয়, আমোলাজন আৰু তেওঁৰ পত্নীয়ে কেতিয়া জিমলৈ যায় সেয়া অভিযুক্তই গম পাইছিল। এই কাৰ্য্যৰ বাবে তেওঁ সেই সময় বাছি লৈছিল। আগনিশা অভিযুক্তই দিল্লীলৈ আহিছিল। ১৩ হাজাৰ টকাত তিনিটা ফোন বিক্ৰী কৰি সেই টকাৰ পৰাই ৬ হাজাৰ টকাত এখন গাড়ী ভাড়াত লৈছিল।

ইয়াৰ পিছত ৰাজস্থানৰ পৰা দিল্লীলৈ আহে। অভিযোগ অনুসৰি, গাড়ীৰ পইচা নিদিয়াকৈয়ে তেওঁ পলায়ন কৰে। নামনি দিল্লীৰ শ্ৰীনিবাস পুৰীৰ ওচৰত গাড়ীৰ পৰা নামে। তাৰ পিছত তাৰ পৰা খোজকাঢ়ি আমোলাজনৰ ঘৰলৈ যায়। অভিযুক্তই জানিছিল যে সেই সময়ত আমোলাৰ কন্যা ঘৰত অকলে আছিল। সেই সময়ত মূল প্ৰৱেশদ্বাৰত কোনো নিৰাপত্তাৰক্ষী নাছিল। এই তথ্য তেওঁ আগতীয়াকৈ জানিছিল। তদন্তকাৰীয়ে জনোৱা মতে, আমোলাজনৰ পৰিয়ালৰ সদস্যসকল যেতিয়া বাহিৰলৈ ওলাই যায়, তেতিয়া তেওঁলোকে কাম কৰা লোকসকলৰ বাবে এপাত ছাবি এৰি থৈ যায় যাতে তেওঁলোকে আহি কাম কৰিব পাৰে। ছাবিপাত দুৱাৰৰ সন্মুখৰ জোতাৰ ৰেকটোত থৈছিল। এই কথা অভিযুক্তই ভালদৰেই জানিছিল। তাৰ পৰা ছাবি লৈ ঘৰত সোমায়।

প্ৰথমে আমোলাৰ কন্যাক আক্ৰমণ কৰে। তাৰ পাছত তেওঁৰ শৰীৰটো টানি আলমাৰীলৈ লৈ যায়। সেই আলমাৰীৰ পাছৱৰ্ড আছিল তিনিজন মানুহৰ লগত। আমোলা, তেওঁৰ পত্নী আৰু আমোলাৰ কন্যাৰ। ফিংগাৰপ্ৰিণ্ট স্কেনাৰ ব্যৱহাৰ কৰি তেওঁ আলমাৰীটো খোলে। আমোলাৰ কন্যাক ধৰ্ষণ কৰি হত্যা কৰাৰ পিছত তেওঁৰ মৃতদেহ টানি আঙুলিৰ চাপ লৈ আলমাৰীটো খোলে। তাৰ পিছত তাৰ পৰাই টকা লৈ ঘৰৰ পৰা ওলাই অ’টোলৈ পালাম ৰেল ষ্টেচনলৈ যায়। তাৰ পৰা ৰেলযোগে পলায়নৰ পৰিকল্পনা কৰিছিল। কিন্তু ৰেল নোপোৱাত হোটেল এখনত থাকে। তাৰ পৰাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

Tags: DelhiRapeandmurder
Share4Tweet3Send

Related Posts

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়
National-International

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

by News Desk
July 2, 2026
50
Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ
National-International

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

by News Desk
July 2, 2026
50
Punjab election : হাত শিবিৰৰ ঐক্য : পঞ্জাৱ দখলৰ প্ৰস্তুতি কংগ্ৰেছৰ
National-International

Punjab election : হাত শিবিৰৰ ঐক্য : পঞ্জাৱ দখলৰ প্ৰস্তুতি কংগ্ৰেছৰ

by News Desk
July 2, 2026
50
china spray water : চীনত অট্টালিকাৰ পৰা বৰষুণ দিয়াই বৰ্ধিত গৰমক পৰাভূত
National-International

china spray water : চীনত অট্টালিকাৰ পৰা বৰষুণ দিয়াই বৰ্ধিত গৰমক পৰাভূত

by News Desk
July 2, 2026
50
Modi-Takaichi : মোডী-টাকাইচি আলোচনা : ভাৰত আৰু জাপানৰ মাজত কৃত্ৰিম বুদ্ধিমত্তা, ধাতু আৰু শক্তিৰ ওপৰত চুক্তি স্বাক্ষৰ
National-International

Modi-Takaichi : মোডী-টাকাইচি আলোচনা : ভাৰত আৰু জাপানৰ মাজত কৃত্ৰিম বুদ্ধিমত্তা, ধাতু আৰু শক্তিৰ ওপৰত চুক্তি স্বাক্ষৰ

by News Desk
July 2, 2026
50
Spain Heatwave I ভয়ংকৰ গ্ৰীষ্মপ্ৰবাহত স্পেইন, এমাহতে মৃত্যুৰ সংখ্যা হাজাৰ অতিক্ৰম
National-International

Spain Heatwave I ভয়ংকৰ গ্ৰীষ্মপ্ৰবাহত স্পেইন, এমাহতে মৃত্যুৰ সংখ্যা হাজাৰ অতিক্ৰম

by Staff Reporter
July 2, 2026
50
ADVERTISEMENT
Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ
DIPHU

Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ

July 2, 2026
50
AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়
National-International

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

July 2, 2026
50
Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ
National-International

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

July 2, 2026
50
Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade
NORTHEAST

Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade

July 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ

Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ

July 2, 2026
AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

July 2, 2026
Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

July 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx