
অসম–নাগালেণ্ড সীমান্তৰ দুদুকলোনী টিলা বস্তিত ড্ৰাগছসহ এজন যুৱকক খটখটী আৰক্ষীয়ে আটক কৰে৷ জানিব পৰা মতে, সোমবাৰে সন্ধিয়া প্ৰায় ৮ বজাত খটখটী থানা এলেকাৰ অন্তৰ্গত অসম–নাগালেণ্ড সীমান্তৰ দুদুকলোনী টিলা বস্তিত এজন যুৱক ডিমাপুৰ দিশৰ পৰা আহি থকা অৱস্থাত গোপন সূত্ৰৰ ভিত্তিত খটখটী আৰক্ষীয়ে অভিযান চলায়৷

খটখটী থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সূৰ্য কুমাৰ বৰাৰ নেতৃত্বত উপ-পৰিদৰ্শক অমৰ জ্যোতি গগৈ, জীৱন শইকীয়া আৰু সহ উপ-পৰিদৰ্শক শ্ৰেষ্ঠ বৰদলৈসহ আৰক্ষীৰ এটা দলে যুৱকজনক ৰখাই তালাচী চলায়।
তালাচীৰ সময়ত যুৱকজনৰ শৰীৰত লুকুৱাই অনা এটা চাবোনৰ বাকচৰ ভিতৰত প্ৰায় ৮.২২ গ্ৰাম হেৰ’ইন আৰক্ষীয়ে জব্দ কৰে। আটক কৰা যুৱকজন নাগালেণ্ডৰ টোৱেংচাং জিলাৰ পেছু গাঁৱৰ পহু কাঙপুৰ পুত্ৰ বেলামসিঙয়া কাঙপু বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। ঘটনাটোৰ সৈতে জড়িত অধিক তথ্য উদ্ধাৰৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।











