
নিৰ্বাচন আয়োগে উত্তৰ প্ৰদেশৰ পৰা পশ্চিমবংগলৈ নিৰ্বাচনৰ (WB Elections 2026) দায়িত্ব ল’বলৈ আনি ডাইমণ্ড হাৰ্বাৰ আৰক্ষী জিলাত আৰক্ষী পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছে তেওঁক। আৰু দায়িত্ব লৈয়ে উত্তৰ প্ৰদেশৰ ‘সিংহম’ অজয়পাল শৰ্মাই গৰ্জন দিবলৈ আৰম্ভ কৰিছে। ফাল্টাৰ তৃণমূলৰ প্ৰাৰ্থী জাহাংগীৰ খানৰ ঘৰৰ সন্মুখত থিয় হৈ সকীয়নি দিয়ে তেওঁ।

লগতে প্ৰাৰ্থীগৰাকীক সতৰ্কবাণী দিয়ে। তেনে এটা ভিডিঅ’ সোমবাৰে পোহৰলৈ আহে। ভিডিঅ’টো প্ৰকাশৰ লগে লগে তৃণমূলে উত্তৰ প্ৰদেশৰ আৰক্ষী বিষয়াজনক আক্ৰমণৰ লক্ষ্য কৰি লয়। ৰাজ্যখনৰ শাসকীয় দলটোৱে অজয়পালক ‘দুৰ্নীতি’ আৰু ‘প্ৰতাৰণা’ৰ অভিযোগত আক্ৰমণ চলাইছে।
সোমবাৰে বিয়লি পোহৰলৈ আহে অজয়পালৰ ভিডিঅ’টো। ফাল্টাত তৃণমূল প্ৰাৰ্থীৰ ঘৰৰ সন্মুখত থিয় হৈ আশে-পাশে থকা ৰাইজক তেওঁ ভাবুকি দিছে। তেওঁৰ লগত আছিল চি আৰ পি এফৰ জোৱান।
তাতে তেওঁ কোৱা শুনা যায়, “আপোনাৰ ওচৰ-চুবুৰীয়াই ভালকৈ বুজি লওক– কোনোবাই যদি কোনো দুষ্টামি কৰে তেন্তে তেওঁলোকক উপযুক্ত শাস্তি দিয়া হ’ব। ক’ৰবাৰ পৰা যদি কোনোবাই হুলস্থুলৰ সৃষ্টি কৰা বা কাৰোবাক অশান্তি দিয়া বুলি কোনো খবৰ আহে আমি ভালদৰে খবৰ ল’ম।” উত্তৰ প্ৰদেশৰ আৰক্ষী বিষয়াজন ইয়াতেই থমকি ৰোৱা নাই।
তৃণমূলৰ প্ৰাৰ্থী জাহাংগীৰৰ পৰিয়ালৰ লোকক উদ্দেশ্যি অজয়পালে কয়, “জাহাংগীৰৰ পৰিয়ালৰ লোকো থিয় হৈ আছে। তেওঁলোকক ভালকৈ বুজাই দিব। তেওঁলোকে ভাবুকি দিয়াৰ খবৰ বাৰে বাৰে আহিছে। সেইটো হ’লে আমি তেওঁলোকৰ ভালদৰে খবৰ ল’ম। তাৰ পিছত কান্দিলে বা অনুশোচনা কৰিলে লাভ নহ’ব।”
এই সতৰ্কবাণীৰ ভিডিঅ’ প্ৰচাৰৰ লগে লগে তৃণমূল কংগ্ৰেছে অজয়পালক প্ৰতি আক্ৰমণ কৰে। তৃণমূলৰ দাবী যে অজয়পাল উত্তৰ প্ৰদেশৰ এজন ‘এনকাউণ্টাৰ স্পেচিয়েলিষ্ট’। উত্তৰ প্ৰদেশত তেওঁক ‘সিংহম’ বুলিও জনা যায়। কিন্তু আৰক্ষী বিষয়াগৰাকী আস্থা ভংগ, প্ৰমাণ ধ্বংস আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপন কৰে তৃণমূলে।
তৃণমূলে সংবাদমেল অনুষ্ঠিত কৰি কয়, “অজয়পাল শৰ্মাই ডাইমণ্ড হাৰ্বাৰৰ নিৰীহ লোকক ভাবুকি আৰু ভয় দেখুৱাইছে, ৰাতিৰ আন্ধাৰত মানুহৰ ঘৰত অভিযান চলাইছে। ৰাতিৰ আন্ধাৰত ঘৰত প্ৰৱেশ কৰি তালাচী চলায় আৰু মহিলাৰ সৈতে অশ্লীল ভাষা ব্যৱহাৰ কৰিছে। এই অজয়পাল শৰ্মা এটা বহুৰঙী চৰিত্ৰৰ মানুহ। ২০২০ চনৰ মাৰ্চ মাহত তেওঁ দুটা তদন্তৰ কেন্দ্ৰবিন্দু আছিল। প্ৰথম তদন্ত আছিল দুৰ্নীতিৰ। দ্বিতীয়টো তদন্ত আছিল আস্থা ভংগৰ বাবে। এগৰাকী নাৰীক আস্থা লাভ কৰাৰ পিছত প্ৰতাৰণা কৰিছিল।”
ৰাজ্যৰ শাসকীয় দলটোৰ দাবী, আন মহিলাৰ সৈতে থকা সম্পৰ্ক লুকুৱাই অজয়পালে বিয়া কৰাই প্ৰতাৰণা কৰা বুলি অভিযোগ উত্থাপন কৰিছিল এগৰাকী মহিলাই। আনকি মহিলাগৰাকীয়ে আৰক্ষী অধীক্ষকক অভিযোগ দিয়াৰ সময়তো মহিলাগৰাকীয়ে অভিযোগ কৰে যে তেওঁৰ ওপৰত ভুৱা গোচৰ জাপি দিয়াৰ চেষ্টা কৰা হৈছে।
সংবাদমেল আহ্বান কৰি তৃণমূলে অজয়পালক সকীয়াই দিয়ে, “যদি আপুনি ভাবিছে যে ৪ মে’ৰ পিছত আপুনি আপোনাৰ ৰাজ্যলৈ উভতি যাব আৰু তাত থকা বিজেপিৰ বছসকলে আপোনাক বচাব- তেন্তে সেয়া আপোনাৰ ভুল। আমি আপোনাক চাই আছোঁ। আপুনি পলায়ন কৰিও বাচি থাকিব নোৱাৰিব। আপুনি যি ৰাজ্যলৈ নাযাওক কিয়, যি বিজেপি নেতাৰ হাত আপোনাৰ মূৰত নাথাকক কিয়, আপোনাৰ নামত এফআইআৰ দাখিল কৰা হ’ব।
আপোনাৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হ’ব। আপোনাক গ্ৰেপ্তাৰ কৰি এই ৰাজ্যৰ আদালতলৈ অনা হ’ব। আপোনাক আইনৰ সন্মুখলৈ অনা হ’ব। আপোনাৰ বিৰুদ্ধে আইনৰ কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা হ’ব।”











