ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Live-in relation I লিভ-ইনৰ সম্পৰ্ক ভাঙিলে অপৰাধ নহয়, উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ

Staff Reporter by Staff Reporter
April 28, 2026
Reading Time: 1 min read
A A
0
Reservations for cognitively ill MBBS applicants: SC requests NMC form a panel to look at methods of determining a person’s level of disability

New Logo Smal 4 | ASSAM TIMES POST

RELATED POSTS

PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?

‎কেৱল ৪০ শতাংশ নৱাগতই ৫ লাখ টকাৰ পেকেজ প্ৰাপ্ত কৰিছে, নিম্ন চিটিচিত ৯০ শতাংশ কাম কৰিবলৈ সাজু ‎

WB Elections 2026 I নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগত উত্তৰ প্ৰদেশৰ ‘সিংহম’ৰ গৰ্জন

একত্ৰবাস বা শয্যা সংগীৰ সৈতে সম্পৰ্ক ভংগ কৰাৰ অৰ্থ এইটো নহয় যে ই অপৰাধ। শেহতীয়াকৈ এটা গোচৰৰ পৰ্যবেক্ষণত এই কথা উল্লেখ কৰিছে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এন ভি নাগাৰত্নই এই কথাও উল্লেখ কৰে যে এই সম্পৰ্কত থকাৰ সময়তে দুয়োৱে এটা সন্তান জন্ম দিছিল।

Live-in relation I

লিভ-ইনৰ সম্পৰ্ক ভাঙিলে অপৰাধ নহয়, উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ:

উক্ত গোচৰত তেওঁ যুৱকজনৰ বিৰুদ্ধে এতিয়া কেনেকৈ ধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে বুলিও প্ৰশ্ন উত্থাপন কৰে। ন্যায়াধীশ নাগাৰত্নই কয়, “এয়া একত্ৰবাসৰ সম্পৰ্ক। বিবাহৰ পূৰ্বে দম্পতীহালে সন্তান জন্ম দিছিল। এতিয়া ধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে। এইটো কেনেকুৱা কথা?”

পাৰস্পৰিক সন্মতিৰে গঢ় লৈ উঠা সম্পৰ্কৰ পৰা কেনেকৈ যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হ’ব পাৰে সেই বিষয়েও ন্যায়াধীশগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে। সম্পৰ্ক বিচ্ছিন্ন হোৱাৰ পিছত যুৱতীগৰাকীয়ে যুৱকজনৰ বিৰুদ্ধে ধৰ্ষণৰ এজাহাৰ দাখিল কৰে। বিবাহৰ মিছা প্ৰতিশ্ৰুতিৰে অভিযুক্তই তেওঁৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰাৰ অভিযোগ উত্থাপন কৰে তেওঁ।

সোমবাৰে যেতিয়া এই গোচৰটো উচ্চতম ন্যায়ালয়ত শুনানিৰ বাবে আহিছিল, তেতিয়া ন্যায়াধীশগৰাকীয়ে একত্ৰবাসৰ ‘বিপদ’ৰ কথা উল্লেখ কৰে। তেওঁৰ মতে, যেতিয়া প্ৰাপ্তবয়স্কসকলে বিয়া নোহোৱাকৈ একেলগে থাকিবলৈ সিদ্ধান্ত লয়, তেতিয়া এনে সম্পৰ্কই প্ৰায়ে কিছু বিপদ কঢ়িয়াই আনে। তেওঁ কয়, “য’ত পাৰস্পৰিক সন্মতিৰে সম্পৰ্ক গঢ় লৈ উঠে, তাত অপৰাধৰ প্ৰশ্নটো কেনেকৈ উত্থাপন হ’ব পাৰে?”

ন্যায়াধীশগৰাকীৰ পৰ্যবেক্ষণ, “একত্ৰবাসৰ সম্পৰ্কত এনেকুৱাই হয়। বছৰ বছৰ ধৰি একেলগে থাকে। তাৰ পিছত বিচ্ছেদ হ’লে মহিলাগৰাকীয়ে পুৰুষ সংগীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ দাখিল কৰে। এই সকলোবোৰেই হৈছে বিয়া নোহোৱাকৈয়ে এনে সম্পৰ্কত থকাৰ কিছুমান সমস্যা।”

ইফালে অভিযুক্তৰ অধিবক্তাই কয় যে যেতিয়া তেওঁৰ ক্লায়েণ্টে অভিযুক্তক লগ পাইছিল তেতিয়া তেওঁৰ বয়স আছিল ১৮ বছৰ। অভিযুক্তই তেওঁক বিয়া কৰাব বুলি প্ৰতিশ্ৰুতি দিছিল।

অৱশ্যে অধিবক্তাগৰাকীয়ে দাবী কৰে যে সেই সময়ত অভিযুক্তজন বিবাহিত আছিল আৰু তেওঁৰ ক্লায়েণ্টে এই বিষয়ে একো নাজানিছিল। সেই গোচৰত ন্যায়াধীশ নগৰত্নই প্ৰশ্ন কৰে, “যুৱতীগৰাকীয়ে বিয়া নোহোৱাকৈয়ে সেই মানুহজনৰ লগত থাকিবলৈ আৰু সন্তান জন্ম দিবলৈ কিয় সন্মত হ’ল?”

যদিও আদালতে যুৱতীগৰাকীৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰে, তথাপিও এনে ঘটনাক ফৌজদাৰী অপৰাধ বুলি গণ্য কৰিব নোৱাৰি বুলি কয়। অৱশ্যে ন্যায়াধীশ নাগাৰত্নই কয় যে অভিযোগকাৰীয়ে ইচ্ছা কৰিলে শিশুটিৰ ভৰণ-পোষণ লাভ কৰিব পাৰে।

Tags: উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণলিভ-ইনৰ সম্পৰ্ক ভাঙিলে অপৰাধ নহয়
Share4Tweet3Send

Related Posts

PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?
National-International

PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?

by Staff Reporter
April 28, 2026
50
Corruption Scandal Unfolds in Shribhoomi: Head Teacher Arrested for Bribery 
National-International

‎কেৱল ৪০ শতাংশ নৱাগতই ৫ লাখ টকাৰ পেকেজ প্ৰাপ্ত কৰিছে, নিম্ন চিটিচিত ৯০ শতাংশ কাম কৰিবলৈ সাজু ‎

by Staff Reporter
April 28, 2026
50
WB Elections 2026 I নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগত উত্তৰ প্ৰদেশৰ ‘সিংহম’ৰ গৰ্জন
National-International

WB Elections 2026 I নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগত উত্তৰ প্ৰদেশৰ ‘সিংহম’ৰ গৰ্জন

by Staff Reporter
April 28, 2026
50
Lok sabha election 2024 2nd phase : সামৰণি পৰিল দ্বিতীয় পৰ্যায়ৰ নির্বাচনী প্ৰচাৰ, ৫ সমষ্টিত ৬১ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব শুকুৰবাৰে
National-International

‎বুধবাৰে পশ্চিম বংগৰ সাতখন জিলাৰ ১৪২টা বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ I ১,৫০০ বিশৃংখলকাৰীক গ্ৰেপ্তাৰ

by Staff Reporter
April 28, 2026
50
‎জলবায়ু পৰিৱৰ্তনৰ ফলত ২০৮৫ চনৰ ভিতৰত এক তৃতীয়াংশ জীৱ-জন্তুৰ বাসস্থানত অত্যাধিক তাপপ্ৰৱাহ আৰু বনজুই লাগিব: অধ্যয়ন
National-International

‎জলবায়ু পৰিৱৰ্তনৰ ফলত ২০৮৫ চনৰ ভিতৰত এক তৃতীয়াংশ জীৱ-জন্তুৰ বাসস্থানত অত্যাধিক তাপপ্ৰৱাহ আৰু বনজুই লাগিব: অধ্যয়ন

by Staff Reporter
April 28, 2026
50
‎সামৰিক ব্যয়ত বিশ্বৰ পঞ্চম স্থানত ভাৰত
National-International

‎সামৰিক ব্যয়ত বিশ্বৰ পঞ্চম স্থানত ভাৰত

by Staff Reporter
April 28, 2026
50
ADVERTISEMENT
PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?
National-International

PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?

April 28, 2026
50
Corruption Scandal Unfolds in Shribhoomi: Head Teacher Arrested for Bribery 
National-International

‎কেৱল ৪০ শতাংশ নৱাগতই ৫ লাখ টকাৰ পেকেজ প্ৰাপ্ত কৰিছে, নিম্ন চিটিচিত ৯০ শতাংশ কাম কৰিবলৈ সাজু ‎

April 28, 2026
50
Reservations for cognitively ill MBBS applicants: SC requests NMC form a panel to look at methods of determining a person’s level of disability
National-International

Live-in relation I লিভ-ইনৰ সম্পৰ্ক ভাঙিলে অপৰাধ নহয়, উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ

April 28, 2026
50
WB Elections 2026 I নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগত উত্তৰ প্ৰদেশৰ ‘সিংহম’ৰ গৰ্জন
National-International

WB Elections 2026 I নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগত উত্তৰ প্ৰদেশৰ ‘সিংহম’ৰ গৰ্জন

April 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?

PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?

April 28, 2026
Corruption Scandal Unfolds in Shribhoomi: Head Teacher Arrested for Bribery 

‎কেৱল ৪০ শতাংশ নৱাগতই ৫ লাখ টকাৰ পেকেজ প্ৰাপ্ত কৰিছে, নিম্ন চিটিচিত ৯০ শতাংশ কাম কৰিবলৈ সাজু ‎

April 28, 2026
Reservations for cognitively ill MBBS applicants: SC requests NMC form a panel to look at methods of determining a person’s level of disability

Live-in relation I লিভ-ইনৰ সম্পৰ্ক ভাঙিলে অপৰাধ নহয়, উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ

April 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx