
অসমত পুনৰ শাসনৰ বাঘজৰী হাতত ল’বলৈ সাজু হৈছে বিজেপি। বুধবাৰে প্ৰকাশ পোৱা এগজিট প’লত (Election Exit Poll) এই ভৱিষ্যদ্বাণী কৰা হৈছে। অসম, কেৰেলা, তামিলনাডু, পশ্চিমবংগ আৰু পুডুচেৰীৰ বাবে বিভিন্ন এজেন্সীয়ে বুধবাৰে এই এগজিট প’ল প্ৰকাশ কৰে। তাত অসমত বিজেপিয়ে (BJP Govt) তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ ভৱিষ্যদ্বাণী (Prediction) কৰা হৈছে।
এক্সিছ-মাই ইণ্ডিয়া এক্সিট প’লৰ মতে, অসম বিধানসভাৰ ১২৬ খন আসনৰ ভিতৰত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে ৮৮-১০০ খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ২৪-৩৬ খন আসন লাভ কৰিব পাৰে।
মেট্ৰিজ এগজিট প’লত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটক ৮৫-৯৫ খন প্ৰদানৰ বিপৰীতে কংগ্ৰেছক ২৫-৩২ খন আৰু অন্যান্য তথা নিৰ্দলীয়ক ৬-১২ খন আসন প্ৰদান কৰিছে।

চিএনএন-নিউজ ১৮ এগজিট প’লতো অসমত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটক ৯০-১০০ আসন প্ৰদান কৰাৰ বিপৰীতে কংগ্ৰেছে ২৩-৩৩ খন আসন লাভ কৰিব বুলি ভৱিষ্যদ্বাণী কৰা হৈছে। আনহাতে, এআইইউডিএফে ০-৬ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে।
এগজিট প’ল বাই পিপ’লছ পালছে বিজেপিক ৬৮-৭২ আসন প্ৰদান কৰাৰ বিপৰীতে কংগ্ৰেছক ২২-২৬ খন প্ৰদান কৰিছে। বাকী দল তথা নিৰ্দলীয়ৰ বাবে ১১-১৫ খন আসনৰ ভৱিষ্যদ্বাণী কৰিছে।
ইফালে জেভিচিৰ এগজিট প’লত বিজেপিয়ে ৮৮-১০১ খন, কংগ্ৰেছে ২৩-৩৩, এআইইউডিএফে ০-২ আৰু অন্যান্যই তিনিখন আসন লাভ কৰিব বুলি কোৱা হৈছে।













