
ইৰাণে যেতিয়ালৈকে নিজৰ পাৰমাণৱিক উচ্চাকাংক্ষাৰ পৰা পিছুৱাই নাযায়, তেতিয়ালৈকে তেওঁলোকৰ সৈতে কোনো চুক্তি হ’ব নোৱাৰে। বুধবাৰে এই কথা দাবী কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে (Donald Trump)। ইৰাণৰ বিৰুদ্ধে হৰমুজ প্ৰণালীত আমেৰিকাৰ নৌসেনাই ‘অৱৰোধ’ কৰাটোও তেওঁ এক বৃহৎ পদক্ষেপ বুলি গণ্য কৰে।

আনকি ছ’চিয়েল মিডিয়াত প্ৰচাৰিত হোৱা মানচিত্ৰখনক হৰমুজ প্ৰণালীৰ নাম সলনি কৰি ‘ট্ৰাম্প প্ৰণালী’ বুলি আপাত দৃষ্টিত স্বীকাৰ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে। শেহতীয়াকৈ ট্ৰাম্পৰ সমৰ্থকসকলে ছ’চিয়েল মিডিয়াত হৰমুজ প্ৰণালীৰ এখন মানচিত্ৰ প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছে।
হৰমুজ প্ৰণালীৰ সলনি ইয়াক লিখা হৈছে ‘ট্ৰাম্প প্ৰণালী’। বৃহস্পতিবাৰে পুৱা (ভাৰতৰ সময় অনুসৰি) আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে এনে এখন ছবি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে। মূল পোষ্টটো ট্ৰাম্পৰ এজন সমৰ্থকৰ। তেওঁ ‘ট্ৰুথ ছ’চিয়েল’ত নিজৰ হেণ্ডেলত ইয়াক শ্বেয়াৰ কৰিছিল।
ইয়াৰ পূৰ্বে বুধবাৰে ট্ৰাম্পে দাবী কৰিছিল যে আমেৰিকাৰ নৌসেনাই হৰমুজ প্ৰণালীক ফলপ্ৰসূভাৱে বন্ধ কৰি ‘অসাধাৰণ’ কাম কৰি আছে। তেওঁ লগতে দাবী কৰে যে অৱশেষত তেহৰানে হাৰ মানিব লাগিব। ইৰাণে নিজৰ পাৰমাণৱিক উচ্চাকাংক্ষা ত্যাগ নকৰালৈকে ইৰাণৰ সৈতে কোনো চুক্তি কৰিব নোৱাৰি।
আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, “এই অৱৰোধ এক কথাত অসাধাৰণ। ১০০ শতাংশ সঠিক, নিখুঁত। ই প্ৰমাণ কৰে যে আমাৰ নৌসেনা কিমান দক্ষ। আমাৰ লগত চালাকি কৰিব নোৱাৰিব। আমাৰ হাতত বিশ্বৰ শ্ৰেষ্ঠ সামৰিক বাহিনী আছে।”
ট্ৰাম্পে দাবী কৰিছে যে ইৰাণে ইতিমধ্যে যুদ্ধত যথেষ্ট সামৰিক ক্ষতিৰ সন্মুখীন হৈছে। তেহৰানৰ সামৰিক শক্তিৰ সন্দৰ্ভত তেওঁ কয়, “আমি তেওঁলোকক সম্পূৰ্ণৰূপে মচি পেলাইছোঁ। তেওঁলোকৰ কোনো সামৰিক বাহিনী নাই। তেওঁলোকৰ নৌসেনা সাগৰৰ তলত ডুব গৈছে। তেওঁলোকৰ বায়ুসেনা এতিয়া আকাশত উৰিব পৰা অৱস্থাত নাই। তেওঁলোকৰ বাবে মুকলি একমাত্ৰ উপায় হ’ল পৰাজয় স্বীকাৰ কৰা।”
দ্বিতীয় পৰ্যায়ৰ আলোচনাৰ সন্দেহ এতিয়াও সমাধান হোৱা নাই। ইৰাণে সোমবাৰে ঘোষণা কৰে যে পাৰমাণৱিক কাৰ্যসূচী আৰু হৰমুজ প্ৰণালী বাদ দি আমেৰিকাৰ সৈতে আলোচনা কৰিবলৈ ইচ্ছুক হ’ব।
ইৰাণৰ এই প্ৰস্তাৱত অসন্তুষ্টি প্ৰকাশ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে। এনে পৰিস্থিতিত ট্ৰাম্পৰ এই মন্তব্যই দুয়োখন দেশৰ মাজত শান্তি আলোচনাৰ পথ আৰু অধিক জটিল কৰি তুলিব পাৰে বুলি ধাৰণা কৰা হৈছে।












