
নিজৰ নাম আৰু প্ৰতিকৃতি আমেৰিকাৰ মুদ্ৰা আৰু চৰকাৰী প্ৰতিষ্ঠানত ৰখাৰ ব্যৱস্থা কৰাৰ পিছত এইবাৰ আমেৰিকাৰ (US) ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে (President Donald Trump) আমেৰিকাৰ পাছপ’ৰ্টতো (American passport) তেওঁৰ ফটো (Photo) ছপা কৰাৰ ব্যৱস্থা কৰিছে। দেশখনৰ স্বাধীনতা ঘোষণাৰ ২৫০ বছৰীয়া জয়ন্তী উপলক্ষে ট্ৰাম্প প্ৰশাসনে মুকলি কৰিছে এক বিশেষ স্মাৰক পাছপ’ৰ্ট। ‘পেট্ৰিয়ট পাছপ’ৰ্ট’ত দেখা যাব ট্ৰাম্পৰ ফটো। প্ৰথম অৱস্থাত সীমিতসংখ্যক ‘পেট্ৰিয়ট পাছপ’ৰ্ট’ প্ৰদান কৰা হ’ব বুলি হোৱাইট হাউছে প্ৰকাশ কৰিছে।

বুধবাৰে আমেৰিকাৰ বিদেশ মন্ত্ৰালয়েও এই স্মাৰক পাছপ’ৰ্টৰ ফটো প্ৰকাশ কৰে। ইয়াত দেখা গৈছে যে ‘পেট্ৰিয়ট পাছপ’ৰ্ট’ত ট্ৰাম্পৰ ফটোৰ সন্মুখত আমেৰিকাৰ ৰাষ্ট্ৰীয় পতাকা আৰু ১৭৭৬ চনত থমাছ জেফাৰচনে প্ৰকাশ কৰা স্বাধীনতা ঘোষণা-পত্ৰ আছে। ইয়াত স্বৰ্ণ আখৰেৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ স্বাক্ষৰো আছে।












