
যোৰহাটত পৰাস্ত কংগ্ৰেছ প্ৰাৰ্থী তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ (Gaurav Gogoi) । বিজেপিৰ হিতেন্দ্ৰনাথ গোস্বামীৰ হাতত পৰাস্ত হয় গৌৰৱ গগৈ৷ হিতেন্দ্ৰনাথ গোস্মামীয়ে ৬৯,৪৩৯ টা ভোট লাভ কৰাৰ বিপৰীতে গৌৰৱ গগৈয়ে লাভ কৰে ৪৬,২৫৭। ভোটৰ ব্যৱধান প্ৰায় ২৩,১৮২।

আনহাতে, নাজিৰা সমষ্টিতো পৰাজয়ৰ দিশে আগবাঢ়িছে বিধানসভাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া৷ কেৱল ফলাফল ঘোষণাৰ আনুষ্ঠানিকতাহে বাকী।
একেদৰে খোৱাঙত লুৰীণজ্যোতি গগৈ পিছপৰি থকাৰ বিপৰীতে বিজেপিৰ চক্ৰধৰ গগৈয়ে অগ্ৰগতি লাভ কৰিছে।
অৱশ্যে শিৱসাগৰত অখিল গগৈয়ে অগ্ৰগতি লাভ কৰি আছে নডিএৰ দুই প্ৰাৰ্থী বিজেপিৰ কুশল দুৱৰী আৰু অগপৰ প্ৰদীপ হাজৰিকাৰ বিৰুদ্ধে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আগবাঢ়ি আছে।
ধেমাজিত জয়লাভ কৰিছে ডাঃ ৰণোজ পেগুৱে। অৱশ্যে আনুষ্ঠানিক ঘোষণা নকৰিলেও ১৭ ৰাউণ্ডৰ অন্তত ৰণোজ পেগুৱে প্ৰায় ৮৩,৬৪৯ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ শৈলেন সোণোৱালে ৫১,৪২০ টা ভোট লাভ কৰিছে।
আনকেইটামান সমষ্টিৰ অগ্ৰগতি এনেধৰণৰ
ডিব্ৰুগড়ত প্ৰশান্ত ফুকন (বিজেপি)
দুলীয়াজানত ৰামেশ্বৰ তেলী (বিজেপি)
লাহোৱাল-চাবুৱা সমষ্টিত বিনোদ হাজৰিকা (বিজেপি)
নাহৰকটীয়া সমষ্টিত তৰংগ গগৈ (বিজেপি)
টিংখাং সমষ্টিত বিমল বড়া (বিজেপি)
অভয়াপুৰী সমষ্টিত ভূপেন ৰায় (বিজেপি)
আলগাপুৰ-কাটলিচেৰা সমষ্টিত জুবেইৰ আনম মজুমদাৰ (কংগ্ৰেছ)
আমৰি সমষ্টিত হাব্বে টেৰণ (বিজেপি)
বজালী সমষ্টিত ধৰ্মেশ্বৰ ৰয় (অগপ)
বাক্সা সমষ্টিত মনেশ্বৰ ব্ৰহ্ম (বিপিএফ)
বাওখুংগ্ৰী সমষ্টিত ৰূপম চন্দ্ৰ ৰয় (বিপিএফ)
বৰচলা সমষ্টিত ৰিতু বৰণ শৰ্মা (বিজেপি)













