
ঘোষণা কৰা হ’ল নৱনিযুক্ত চাৰিগৰাকী মন্ত্ৰীৰ বিভাগসমূহ (Assam Cabinet)। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ অধিবেশনৰ পিছত মন্ত্ৰীসকলৰ দপ্তৰ বিতৰণ কৰা হ’ব বুলি উল্লেখ কৰিছিল যদিও যিহেতু আগন্তুক অধিবেশনত প্ৰশ্নোত্তৰ কাল থাকিব, সেয়ে মন্ত্রীসকলক তেওঁলোকৰ নিজ নিজ বিভাগসমূহ চমজাই দিয়া হয়।

কোনে কি বিভাগ লাভ কৰিলে
ঘোষিত মন্ত্ৰীৰ বিভাগ অনুসৰি,
ৰামেশ্বৰ তেলীক সংস্কাৰ আৰু উন্নয়ন, শ্ৰমিক উন্নয়ন, চাহ জনজাতি আৰু আদিবাসী উন্নয়ন বিভাগ প্ৰদান কৰা হৈছে।
অতুল বৰাক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসম চুক্তি ৰূপায়ণ, সীমান্ত নিৰাপত্তা আৰু উন্নয়ন আৰু আবকাৰী বিভাগ প্ৰদান কৰা হৈছে।
চৰণ বড়োক পৰিবহণ আৰু বড়োলেণ্ড উন্নয়ন বিভাগ প্ৰদান কৰা হৈছে।
আনহাতে, অজন্তা নেওগক মহিলা আৰু শিশু উন্নয়ন আৰু পৰ্যটন বিভাগৰ দায়িত্ব দিয়া হৈছে।













