
নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে তেওঁ তথা বিজেপিয়ে জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰে। আনহাতে, নিৰ্বাচনত জয়লাভ কৰাৰ পিছত তেওঁ জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰিব বুলিও কৈছিল।

লগতে কৈছিল যে অসমৰ বিজেপি চৰকাৰে যদি জুবিন গাৰ্গৰ হত্যাৰ উচিত তদন্ত কৰিব নোৱাৰে তেন্তে অসমৰ ৰাইজে বিজেপিক ভোট নিদিয়ে।
এতিয়া নিৰ্বাচন শেষ। বিজেপি শাসনত, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী। ৰাইজেও হিয়া উজাৰি ভোট দিয়ে বিজেপিক। ইয়াৰ পিছত নিজৰ কথা ৰাখিলে মুখ্যমন্ত্ৰীয়ে। বুধবাৰে মুখ্যমন্ত্ৰী জুবিন ক্ষেত্ৰত উপস্থিত হৈ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনায়। লগতে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লয়।
ইয়াৰ পিছত তেওঁ সামাজিক মাধ্যমত লিখিছে, “নিৰ্বাচনৰ পূৰ্বেই প্ৰতিশ্ৰুতি দিছিলোঁ যে জনসাধাৰণৰ আশীৰ্বাদত চৰকাৰ গঠন কৰিব পাৰিলে আমি ‘জুবিন ক্ষেত্ৰ’ বাস্তৱায়নৰ দিশত আগবাঢ়িম। আজি সেই প্ৰতিশ্ৰুতি পূৰণৰ পথত আগবাঢ়ি জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰি অসমৰ প্ৰাণৰ সত্তা জুবিন গাৰ্গলৈ সশ্ৰদ্ধ প্ৰণাম জনালোঁ আৰু চলিত কামৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিলোঁ।”
তেওঁ লগতে লিখিছে, “লোক নিৰ্মাণ বিভাগে ইতিমধ্যে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম হিচাপে প্ৰায় ৩ কোটি টকা ব্যয়েৰে চৌহদ দেৱালৰ কাম কৰি আছে। লগতে ওপৰৰ অংশৰ পৰা মাটি খহি অহা ৰোধ কৰিবলৈ প্রয়োজনীয় সুৰক্ষা ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। পৰৱৰ্তী পৰ্যায়ত সমাধি ক্ষেত্ৰ নিৰ্মাণৰ কাম ত্বৰান্বিত কৰাৰ বাবে বিষয়াসকলক প্রয়োজনীয় নিৰ্দেশনা প্ৰদান কৰা হৈছে।”
জুবিন ক্ষেত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰৰ পৰিকল্পনাৰ কথা উল্লেখ কৰি লিখিছে, “আমি সুপৰিকল্পিতভাৱে এক মর্যাদাপূর্ণ, সাংস্কৃতিক চেতনাৰে সমৃদ্ধ আৰু উত্তৰ প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ কেন্দ্ৰ হিচাপে জুবিন ক্ষেত্ৰ গঢ়ি তুলিবলৈ বদ্ধপৰিকৰ। আমাৰ চৰকাৰৰ এই সংকল্প অব্যাহত থাকিব।”













