
তামিলনাডুৰ কয়ম্বটুৰত এগৰাকী ১০ বছৰীয়া নাবালিকাক যৌন নিৰ্যাতন আৰু নৃশংসভাৱে হত্যা কৰাৰ পিছত ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী চি জোচেফ বিজয়ে জৰুৰী বৈঠকত মিলিত হৈ ৰাজ্যৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ ওপৰত আলোচনা কৰে। সোমবাৰে তেওঁ উচ্চ পদস্থ বিষয়াৰ সৈতে বৈঠকত মিলিত হয়।

বৈঠকত মুখ্যমন্ত্রীয়ে আৰক্ষী প্রশাসনক স্পষ্টভাৱে নির্দেশ দিয়ে যে মহিলা আৰু শিশুৰ বিৰুদ্ধে যিকোনো যৌন অপৰাধৰ ঘটনাত শীঘ্ৰে গোচৰ ৰুজু কৰি তদন্ত সম্পূর্ণ কৰিব লাগে৷ একে সময়তে বিজয়ে দোষীক দৃষ্টান্তমূলক শাস্তি নিশ্চিত কৰিবলৈও কয়।
সচিবালয়ত অনুষ্ঠিত এই বৈঠকত মুখ্যমন্ত্রীয়ে স্পষ্টকৈ কয় যে এনে জঘন্য অপৰাধত জড়িতসকলৰ বিৰুদ্ধে কঠোৰতম আইনী ব্যৱস্থা লোৱা হ’ব৷ এনে জঘন্য অপৰাধ যাতে সমাজত পুনৰ সংঘটিত নহয় তাৰ বাবে অপৰাধীক কঠোৰ শাস্তি প্ৰদান কৰা হ’ব, যিয়ে আনৰ বাবে কঠোৰ সতৰ্কবাণী বা ‘প্ৰতিৰোধক’ হিচাপে কাম কৰিব।
চৰকাৰী অধিসূচনাত কোৱা হৈছে যে অপৰাধীক কঠোৰ শাস্তি প্ৰদান কৰাটো নিশ্চিত কৰিব লাগিব। তদুপৰি এনে গোচৰৰ বিচাৰ ক্ষিপ্ৰতাৰে সম্পূর্ণ কৰাৰ ব্যৱস্থা যাতে কৰা হয় তাৰ বাবে ৰাজ্যৰ মহাধিবক্তাক মুখ্যমন্ত্রীয়ে নির্দেশ দিছে৷
একে সময়তে মহিলা আৰু শিশুৰ ওপৰত হোৱা হিংসা ৰোধৰ বাবে মহিলাৰ সুৰক্ষাৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ আৰু ব্যাপক জনসচেতনতা সৃষ্টিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।
ৰাজ্যৰ সামগ্ৰিক আইন-শৃংখলা পৰিস্থিতি আৰু মহিলাৰ সুৰক্ষা শক্তিশালী কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই গুৰুত্বপূৰ্ণ বৈঠকত ৰাজ্যৰ মুখ্য সচিব এম শৈকুমাৰ, গৃহ সচিব কে মণিবাসন, মহাধিবক্তা বিজয় নাৰায়ণ, সমাজ কল্যাণ আৰু মহিলা অধিকাৰ বিভাগৰ সম্পাদক মৰিয়াম পল্লৱ বলদেৱ আৰু আৰক্ষী সঞ্চালক প্ৰধান সন্দীপ ৰায় ৰাথোৰৰ লগতে অন্যান্য শীৰ্ষ পৰ্যায়ৰ বিষয়াসকল উপস্থিত থাকে।
উল্লেখ্য যে চলিত মাহৰ আৰম্ভণিতে তামিলনাডুৰ ৰাজনীতিত এক ঐতিহাসিক পৰিৱৰ্তন দেখা গৈছিল।
জনপ্ৰিয় অভিনেতাৰ পৰা ৰাজনীতিবিদলৈ পৰিণত হোৱা বিজয়ৰ নেতৃত্বাধীন টিভিকেই বিধানসভা নিৰ্বাচনত ২৩৪ খন আসনৰ ভিতৰত ১০৮ খন আসন লাভ কৰি ঐতিহাসিক জয়লাভ কৰে।
এই ফলাফল কেৱল এটা দলৰ বাবে বিজয় নহয়, দ্ৰাবিড় ৰাজনীতিৰ প্ৰায় ছয় দশক পুৰণি ৰাজনীতিৰ বাবেও এক ঐতিহাসিক ঘটনা।











