
গৰ্ভপাতৰ (Abortion) পিছত মানসিকভাৱে ভাঙি পৰিছিল ত্বিশা শৰ্মা (Twisha Sharma)। মধ্যপ্ৰদেশ আৰক্ষীৰ (Madhya Pradesh Police) বিশেষ তদন্তকাৰী দলৰ জেৰাৰ সময়ত ত্বিশাৰ স্বামী সমৰ্থ সিঙে এই কথা দাবী কৰে। ধৃত ব্যক্তিজনে ত্বিশাক ৭ লাখ টকা দিয়াৰ কথাও আৰক্ষীক জনায়। ইতিমধ্যে ত্বিশাৰ মৃত্যুৰ তদন্তৰ দায়িত্ব লৈছে চিবিআয়ে। ইয়াৰ পূৰ্বে প্ৰায় তিনি ঘণ্টা ধৰি সমৰ্থক জেৰা কৰিছিল এছআইটিয়ে। সূত্ৰৰ পৰা জানিব পৰা মতে, সমৰ্থই জেৰাৰ সময়ত তেওঁ এই দাবী কৰে।

মধ্যপ্ৰদেশ আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, নিয়াই সমৰ্থক সোধা-পোছা কৰি দুঘণ্টাৰো অধিক সময় এছআইটিৰ বিষয়াসকলে ঘটনাটো পুনৰ দৃশ্যায়ন কৰাৰ কথা প্ৰকাশ কৰিছে। সূত্ৰটোৱে দাবী কৰা মতে, জেৰাৰ সময়ত সমৰ্থে কয় যে ত্বিশাই গৰ্ভৱতী বুলি গম পোৱাৰ দিনৰে পৰা বৈবাহিক সম্পৰ্কৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰিছিল। সোধা-পোছাৰ সময়ত সমৰ্থে লগতে কয় যে গৰ্ভপাতৰ পিছত ত্বিশা অধিক মানসিকভাৱে ভাগি পৰে।
অৱশ্যে পত্নীৰ মৃত্যুৰ পিছত তেওঁ কিয় পলাতক হৈ আছিল সেই বিষয়ে জেৰাৰ সময়ত তেওঁ স্পষ্টকৈ বুজাব পৰা নাছিল। সূত্ৰই দাবী কৰিছে যে যেতিয়াই এই প্ৰশ্ন সোধা হৈছিল তেতিয়াই তেওঁ তদন্তকাৰীক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰে। এছআইটিৰ জেৰাৰ সময়ত সমৰ্থে বাৰে বাৰে দাবী কৰে যে তেওঁ ত্বিশাক সাত লাখ টকা দিছিল। অৱশ্যে তেওঁ সেই ধন কিয় দিলে সেই সন্দৰ্ভত এতিয়াও কোনো সবিশেষ ৰাজহুৱা কৰা হোৱা নাই। পেছাত অধিবক্তা সমৰ্থৰ লেপটপ, ম’বাইল, পাছপ’ৰ্ট, আধাৰ কাৰ্ডকে ধৰি কেইবাখনো নথি জব্দ কৰা হৈছে।












