
আমেৰিকাৰ ভাৰ্জিনিয়াৰ (Virginia, America) এখন ছুপাৰ মাৰ্কেটত এগৰাকী গুজৰাটী মহিলা (Gujarati woman)ক এজন দুষ্কৃতিকাৰীয়ে গুলীয়াই হত্যা (Shot to death) কৰে। মৃত মহিলাগৰাকীৰ নাম মেঘনাবেন পেটেল (Meghnaben Patel) (৪৫)। তেওঁ ভাৰ্জিনিয়াৰ এখন ছুপাৰ মাৰ্কেটত কাম কৰিছিল। যোৱা ১০ বছৰ ধৰি ভাৰ্জিনিয়াত তেওঁ বাস কৰি আছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি, মেঘনাবেন মেহছানাৰ বাসিন্দা। জানিব পৰা মতে, ঘটনাৰ সময়ত ছুপাৰ মাৰ্কেটখনত কোনো গ্ৰাহক নাছিল। ক’লা জেকেট পিন্ধা এজন দুষ্কৃতিকাৰীয়ে মুখ ঢাকি ছুপাৰ মাৰ্কেটখনত প্ৰৱেশ কৰি পোনে পোনে কেছ কাউণ্টাৰৰ ফালে যায়। মেঘনাবেন তাতেই আছিল। দুষ্কৃতিকাৰীয়ে তাৰ পিছত লুটপাত আৰম্ভ কৰাত মেঘনাবেনে তেওঁক বাধা দিয়ে। বাধাৰ সন্মুখীন হোৱাৰ লগে লগে দুষ্কৃতিকাৰীয়ে বন্দুক উলিয়াই ওচৰৰ পৰা মেঘনাবেনক গুলীচালনা কৰে। ইয়াৰ পিছত তেওঁ ছুপাৰ মাৰ্কেটৰ পৰা পলায়ন কৰে।

এই ঘটনাৰ চিচিটিভি ফুটেজ মুকলি কৰা হৈছে। আৰক্ষীয়ে এই ফুটেজৰ তদন্ত আৰম্ভ কৰি দোষীক চিনাক্ত কৰাৰ কাম আৰম্ভ কৰিছে। মেঘনাবেনৰ দুটা সন্তান আছে। ইতিমধ্যে গুজৰাটত থকা তেওঁৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰা হৈছে। প্ৰথম অৱস্থাত আৰক্ষীয়ে কয় যে ছুপাৰ মাৰ্কেটখন খালী হৈ থকাৰ সময়তে অপৰাধীয়ে লুটপাতৰ চেষ্টা চলাইছিল। কিন্তু মেঘনাবেনে তেওঁক বাধা দিয়ে। ইয়াৰ পিছতে অভিযুক্তই তেওঁৰ ওপৰত গুলীচালনা কৰে। ফলত মেঘনাবেনৰ থিতাতে মৃত্যু হয়। পিছত আৰক্ষী আহি মৃতদেহটো উদ্ধাৰ কৰে।











