
জীৱনৰ পাঠ বাস্তৱ জগতৰ পৰাই আহে, স্কুলৰ পাঠ্যপুথিৰ পৰা নহয়। অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে স্কুলৰ শ্ৰেণীকোঠাত বহি পাঠ্যপুথি পঢ়াৰ বিপৰীতে হায়দৰাবাদ (Hyderabad)ৰ লক্ষ্মীবীৰ ৰাৱে (Lakshmibai Rao) বাস্তৱ জগতত ভৰি দি জীৱনৰ পাঠ শিকিছে। চিনাকি চাৰিবেৰৰ শ্ৰেণীকোঠা আৰু কঠিন ৰুটিনত আবদ্ধ হৈ থকাৰ পৰিৱৰ্তে লক্ষ্মীবীৰৰ অধ্যয়ন দেশৰ বৃহৎ কাৰখানা, ষ্টাৰ্ট-আপ (Start-up) অফিচ আৰু প্ৰযুক্তি বিজ্ঞানীৰ সমাবেশত সংঘটিত হয়। আশ্চৰ্যজনকভাৱে লক্ষ্মীবীৰ এই বয়সত ভাৰতৰ সৰ্বকনিষ্ঠ হাৰ্ডৱেৰ ষ্টাৰ্ট-আপ প্ৰতিষ্ঠাপক। অৱশ্যে কেৱল ব্যৱসায়ৰ স্বাৰ্থত তেওঁ এই ব্যৱসায় আৰম্ভ কৰা নাছিল, তেওঁৰ লক্ষ্য হৈছে প্ৰযুক্তিৰ সহায়ত মানুহৰ দৈনন্দিন জীৱনৰ প্ৰকৃত সমস্যা সমাধান কৰা।
লক্ষ্মবীৰৰ এই অদ্ভুত জীৱনশৈলীৰ আঁৰত আছে লক্ষ্মবীৰৰ পিতৃ কেপ্টেইন ভেংকট। তেওঁ লক্ষ্মবীৰক কেৱল শব্দৰে নহয়, নিজৰ চকুৰে সকলো চোৱাৰ সুযোগ দিছে। বিভিন্ন চহৰৰ ডাঙৰ কোম্পানীৰ প্ৰতিষ্ঠাপক আৰু অভিযন্তাৰ সৈতে তেওঁক মত বিনিময় কৰাই দিয়াৰ পৰা আৰম্ভ কৰি কাৰখানাৰ চাৰিওফালে দেখুৱাই দিয়ালৈকে— তেওঁ পুত্ৰৰ কৌতুহল বৃদ্ধিৰ বাবে সকলো কাম কৰে। পিতৃ-পুত্ৰই একেলগে এক নতুন শিক্ষণ পৰিৱেশৰ সৃষ্টি কৰিছে, য’ত মুখস্থ কৰাতকৈ হাতৰ কামৰ গুৰুত্ব বেছি। পৰম্পৰাগত বিদ্যালয়লৈ যোৱাৰ পৰিৱৰ্তে অনলাইন শিক্ষণ কাৰ্যসূচীত জড়িত হৈ আছে লক্ষ্মবীৰ। ইয়াক ‘মাইক্ৰ’-স্কুলিং’ বুলি কোৱা হয়। ইয়াত পঢ়া-শুনাৰ লগতে ইফালে-সিফালে ঘূৰি ফুৰা আৰু চাকৰিৰ সময়ত শিকিবলৈও বহুতো সুযোগ আছে।

পঢ়া-শুনাৰ বিষয়ে আঠ বছৰীয়া লক্ষ্মবীৰে কয়, “ইয়াত আমি কেৱল বিভিন্ন বিষয় পঢ়োৱাতহে গুৰুত্ব দিওঁ। এবাৰ কিবা এটা বুজাই দিলে আমাক ব্যৱহাৰিক কাম দিয়া হয়। অনুশীলনৰ বাবে ১০-১৫টা প্ৰশ্ন দিয়া হয়। আমাৰ শ্ৰেণীত মাত্ৰ ৩-৪ জন ছাত্ৰ-ছাত্ৰী থাকে, গতিকে পঢ়া-শুনা সোনকালে শেষ হয়।” লক্ষ্মীবীৰে এতিয়া পাকঘৰৰ অটোমেচন ৰবট (যিটোৱে পাকঘৰৰ কাম সহজ কৰি তুলিব) নিৰ্মাণৰ প্ৰকল্পত কাম কৰি আছে। মুম্বাই, পুনে বা বেংগালুৰুৰ দৰে বৃহৎ চহৰৰ ষ্টাৰ্ট-আপ চক্ৰত লক্ষ্মীবীৰ সুপৰিচিত।
এই বয়সতে ডাঙৰ ডাঙৰ অভিযন্তা আৰু কোম্পানীৰ মালিকক তেওঁ লগ পায়। ফলত অতি কম বয়সৰ পৰাই তেওঁৰ মনত প্ৰযুক্তিবিদ্যা, বস্তু নিৰ্মাণ আৰু নতুন উদ্ভাৱনৰ চিন্তাই ঘূৰি ফুৰিবলৈ ধৰে। প্ৰাপ্তবয়স্কসকলে বহু পিছত যি শিকে, লক্ষ্মীবীৰে এতিয়া বাস্তৱ অভিজ্ঞতাৰ জৰিয়তে সেয়া শিকিবলৈ লৈছে। লক্ষ্মীবীৰ ৰাওৰ এই কৃতিত্বই আমাক নতুনকৈ চিন্তা কৰাত সহায় কৰে যে শিক্ষাৰ প্ৰকৃত উদ্দেশ্য কি? শিক্ষা মানে কেৱল কিতাপ মুখস্থ কৰা, নে আমাৰ চৌপাশৰ পৰিৱেশৰ পৰা শিকি লক্ষ্মীবীৰৰ দৰে বাস্তৱ জীৱনৰ সমস্যা সমাধান কৰা?











